নেশ্যনেল ডেস্ক, ২৮ মে': দিল্লী আৰক্ষীৰ অপৰাধ শাখাই ৰাষ্ট্ৰীয় ৰাজধানীৰ নিজামুদ্দিন অঞ্চলৰ তবলিগী জামাতৰ জামাতী সকলৰ বিষয়ত, বৃহস্পতিবাৰে চাকেত আদালতত ৫৩৬ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে নতুন চাৰ্জ শ্বীট দাখিল কৰিব ।
আৰক্ষীয়ে এই ৩৪৮ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে মুঠ ৩৫ টা চাৰ্জ শ্বীট দাখিল কৰিছে । ৫৩৬ গৰাকী বিদেশী নাগৰিক তিনিখন ভিন্ন দেশৰ ।
অভিযুক্ত ব্যক্তিসকলক ভিছা বিধি উলংঘনৰ অভিযোগত অভিযুক্ত কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ ভিছা বাতিল কৰি তেওঁলোকক ব্লেকলিষ্টত ৰাখি, তেওঁলোকৰ বিৰুদ্ধে মহামাৰী ৰোগ সম্পৰ্কীয় চৰকাৰে জাৰি কৰা নিৰ্দেশিকা উলংঘন, দুৰ্যোগ ব্যৱস্থাপনা আইন উলংঘন আৰু ভাৰতীয় দণ্ড বিধি ১৪৪ ধাৰা অনুযায়ী নিষিদ্ধ আদেশৰ উলংঘনৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে ।
তদুপৰি আৰক্ষীয়ে জানিবলৈ দিয়ে যে, তেওঁলোকৰ এনে অসতৰ্কামূলক কামে ৰোগৰ সংক্ৰমণ বৃদ্ধি হৈ সকলোৰে জীৱনৰ বাবে বিপদ চপাই আনিব পাৰে । লগতে তেওঁলোক ভাৰতীয় দণ্ডবিধিৰ ২৬৯ ধাৰাত গোচৰ ৰুজু কৰি মোকৰ্দমা চলাই দণ্ডিতও কৰিব পৰা যাব ।
ইয়াৰ লগতে, অভিযুক্ত লোকসকলে কোৱাৰেণ্টাইনৰ নিয়মো অৱজ্ঞা কৰিছে । যাৰ বাবে ভাৰতীয় দণ্ড বিধিৰ ২৭১ ধাৰাৰ অধীনত মোকৰ্দমা চলাই দণ্ডিত কৰিব পৰা যাব ।