নেশ্যনেল ডেস্ক,25 মেঃ সোমবাৰে জম্মু-কাশ্মীৰৰ কাথুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সন্দেহযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত এটা গুপ্তচৰ পাকিস্তনী পাৰ চৰাই আটক কৰা হয় । সীমান্তৰ বিষয়াসকলে জনায় যে, দেহত গোপন বাৰ্তা লিখা থকা পাৰ চৰাইটোক পাকিস্তানৰ দিশৰ পৰা উৰি অহাৰ পিছতে মনয়াৰী গাঁৱৰ হৰিনগৰ চেক্টৰত বন্দী কৰা হয় ।
বিষয়াগৰাকীয়ে কয় যে, সুৰক্ষা সংস্থাই পাৰ চৰাইটোৰ গাত থকা গোপন বাৰ্তাটো বুজাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । পাৰ চৰাইটোৰ এখন ভৰিত এটা আঙুঠিত কিছুমান নম্বৰ লিখিত আছে বুলি জানিবলৈ দিয়ে কাথুৱাৰ জ্যেষ্ঠ আৰক্ষী অধিক্ষক শৈলেন্দ্ৰ মিশ্ৰই ।
লগতে পঢ়ক- কৰ্তব্য পালনৰ বাবে সাজু দেশৰ বিমান কৰ্মী