নিউজ ডেস্ক, 8 মাৰ্চঃ দেওবাৰে বাংগালুৰুৰ ডায়েৰী চাৰ্কোলৰ নিকতৱৰ্তি ঔদোগুৰীত সন্দেহজনক সামগ্ৰীৰ বিস্ফোৰণ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উক্ত বিস্ফোৰণৰ ফলত এজন লোক গুৰুতৰভাৱে আহত হয় ৷ ৰাসায়নিক বিক্ৰিয়াৰ ফলত বিস্ফোৰণটো হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে তদন্তকাৰী দল ৷ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে স্থানীয় আৰক্ষীয়ে ৷
লগতে পঢ়কঃ কৰ'ণা ভাইৰাছক লৈ সষ্টম আগৰতলাস্থিত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ