নিউজ ডেস্ক, ১৯ জুন : কোভিড-১৯ ৰ সন্ত্ৰাস চলি থকাৰ মাজতে নিউজলেণ্ডৰ আৰক্ষীয়ে জনাই যে, অকলেণ্ডৰ দুজন কৰ্মকৰ্তাক গুলিয়াই হত্যা কৰা হৈছে । আৰু বহু কেইজন লোক গুৰুতৰভাবে আহত হৈছে । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সন্দেহজনক কেইজন বৰ্তমানেও পলাতক অৱস্থাত আছে ।
আৰক্ষীয়ে জনোৱা অনুসৰি,শুকুৰবাৰে ৰাতিপুৱা তেওঁলোকে এক ট্ৰেফিক পইন্টত গাড়ী ৰখাইছিল । যেতিয়া এজন ব্যক্তিক গাড়ী চলোৱাৰ আগতে গুলিয়াই হত্যা কৰাৰ হৈছিল । উক্ত ঘটনাৰ পিচতে আৰক্ষীয়ে অঞ্চলটি ছীল কৰি দিবলৈ বাধ্য হৈছে ।
এজন স্থানীয় লোকৰ মতে , তেওঁ যেতিয়া ঘৰত আছিল তেতিয়া তেওঁ বন্ধুকৰ শব্দ শুনিবলৈ পাইছিল । বিগত বৰ্ষতো নিউজলেণ্ডত এনেকুৱা এটা বৃহৎ ঘটনা সংঘটিত হৈছিল ।
উল্লেখযোগ্য যে,অকলেণ্ড নিউজলেণ্ডৰ সকলোতকৈ ডাঙৰ চহৰ । যত প্ৰায় ১.৭ মিলিয়ন লোকে বসবাস কৰে ।
লগতে পঢ়ক : বাক্সাৰ ভূটানখুটীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বৃদ্ধা