ETV Bharat / bharat

"মই জীৱনত অপেক্ষা কৰি আছিলো এই দিনটোলৈ", সুষমা স্বৰাজৰ অন্তিমটো টুইট

author img

By

Published : Aug 7, 2019, 6:59 PM IST

সমগ্ৰ দেশক শোক সাগৰত পেলাই অনন্ত ধামলৈ গতি কৰিলে দেশৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজে ৷ মৃত্যুৰ প্ৰায় তিনি ঘন্টা পূৰ্বে টুইটাৰত সক্ৰিয় আছিল তেওঁ ৷

সুষমা স্বৰাজৰ অন্তিমটো টুইট

দিল্লী,7 আগষ্ট: মৃত্যুৰ তিনি ঘন্টা পূৰ্বে টুইটাৰত সক্ৰিয় আছিল প্ৰয়াত সুষমা স্বৰাজ ৷ 370 ধাৰা প্ৰত্যাহাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক টুইটাৰত ধন্যবাদ জনাই লিখে,"মই জীৱনত এই দিনটোৰ অপেক্ষা কৰি আছিলো"৷

ETV BHARAT ASSAM
"মই জীৱনত প্ৰতীক্ষাৰত আছিলো এই দিনটোলৈ", সুষমা স্বৰাজৰ অন্তিমটো টুইট

তেওঁ টুইটটোত লিখে," প্ৰধানমন্ত্ৰী ডাঙৰীয়া,আপোনাক অভিনন্দন ৷ অনেক ধন্যবাদ ৷ মই জীৱনত এই দিনটোৰ অপেক্ষাতেই আছিলো ৷"

এই টুইটটোৰ পাছতেই বুকুত বিষৰ অনুভৱ হোৱা বুলি পৰিয়ালৰ লোকক জনায় আৰু ইয়াৰ কিছু সময় পাছতেই লোকসভাৰ পৰা মাত্ৰ 6 কিলোমিটাৰ নিলগত শেষ নিশ্বাস ত্যাগ কৰে ৷

উল্লেখ্য যে বুধবাৰে ৰাজ্যসভাত 370 ধাৰা প্ৰত্যাহাৰৰ নিৰ্দেশ পঢ়িছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ এই পদক্ষেপক সমৰ্থন কৰি কালি টুইট কৰি কৈছিল যে এইয়া এক সাহসী আৰু ঐতিহাসিক সিদ্ধান্ত ৷ আমাৰ মহান অখণ্ড ভাৰতক প্ৰণাম৷"

ইয়াৰ উপৰি কিছুদিন পূৰ্বে তিনি তালাকৰ বিধেয়ক গৃহীত হোৱাৰ পাছতো প্ৰধানমন্ত্ৰী আৰু সংসদৰ প্ৰত্যেক গৰাকী সদস্যক অভিনন্দন জনায় ৷শৰীৰ ভালে নাথাকিলেও টুইটাৰত সক্ৰিয় হৈ থকা দেখা গৈছিল প্ৰাক্তন বৈদেশিক মন্ত্ৰী গৰাকীক ৷ ৰাজনীতিৰ বাদেও আন বিষয়তো টুইট কৰা দেখা গৈছিল তেওঁক ৷ সংসদত আজম খানে কৰা মন্তব্যৰ যিদৰে সমালোচনা কৰিছে ঠিক তেনেদৰে কুলভূষণ যাদৱ গোচৰতো টুইট কৰা দেখা গৈছিল প্ৰয়াত প্ৰাক্তন মন্ত্ৰী গৰাকীক৷

Sushma swaraj tweeted thanking PM Modi just hours before death

সমগ্ৰ দেশক শোক সাগৰত পেলাই অনন্ত ধামলৈ গতি কৰিলে দেশৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজে৷ মৃত্যুৰ প্ৰায় তিনি ঘন্টা পূৰ্বে টুইটাৰত সক্ৰিয় আছিল তেওঁ৷

দিল্লী,7 আগষ্ট: মৃত্যুৰ তিনি ঘন্টা পূৰ্বে টুইটাৰত সক্ৰিয় আছিল সদ্য প্ৰয়াত সুষমা স্বৰাজ৷ 370 ধাৰা প্ৰত্যাহাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক টুইটাৰত ধন্যবাদ জনাই লিখে,"মই জীৱনত এই দিনটোৰ প্ৰতীক্ষাতেই আছিলো"৷

তেওঁ টুইটোত লিখে," প্ৰধানমন্ত্ৰী জী, আপোনাক অভিনন্দন৷ অনেক ধন্যবাদ৷ মই জীৱনত এই দিনটোৰ প্ৰতীক্ষাতেই আছিলো৷"

এই টুইটটোৰ পাছতেই বুকুত বিষৰ অনুভৱ হোৱা বুলি পৰিবাৰক জনায় আৰু ইয়াৰ কিছু সময় পাছতেই লোকসভাৰ পৰা মাত্ৰ 6 কিলোমিটাৰ নিলগত শেষ নিশ্বাস ত্যাগ  কৰে৷

উল্লেখ্য যে বুধবাৰে ৰাজ্যসভাত 370 ধাৰা প্ৰত্যাহাৰৰ নিৰ্দেশ পঢ়িছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ এই পদক্ষেপক সমৰ্থন কৰি কালি টুইট কৰি কৈছিল যে এইয়া এক সাহসী আৰু ঐতিহাসিক সিদ্ধান্ত৷ আমাৰ মহান অখণ্ড ভাৰতক প্ৰণাম৷"

ইয়াৰ উপৰি কিছুদিন পূৰ্বে তিনি তালাকৰ বিধেয়ক গৃহীত হোৱাৰ পাছতো প্ৰধানমন্ত্ৰী আৰু সংসদৰ প্ৰত্যেক গৰাকী সদস্যক অভিনন্দন জনায়৷

শৰীৰ ভালে নাথাকিলেও টুইটাৰত সক্ৰিয় থকা দেখা গৈছিল প্ৰাক্তন বৈদেশিক মন্ত্ৰী গৰাকীক৷ ৰাজনীতিসহ আন বিষয়তো টুইট কৰা দেখা গৈছিল তেওঁক৷ সংসদত আজম খানে কৰা মন্তব্যৰ যিদৰে সমালোচনা কৰিছে ঠিক তেনেদৰে কুলভূষণ যাদৱ গোচৰতো টুইট কৰা দেখা গৈছিল সদ্য প্ৰয়াত প্ৰাক্তন মন্ত্ৰী গৰাকীক৷

Image, Etv
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.