নিউজ ডেস্ক, 7 আগষ্ট : অভিনেতা সুশান্ত সিংহ ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত সুশান্তৰ কথিত প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী ইডিৰ মুম্বাইস্থিত কাৰ্যালয়ত উপস্থিত হয় ৷ ইডিৰ ফালৰ পৰা ৰিয়াক সুশান্তৰ সৈতে থকা বন্ধুত্ব,সম্ভাব্য ব্যৱসায়িক লেনদেন আৰু তেওঁলোকৰ মাজত বিগত কিছু বৰ্ষৰ ভিতৰত হৈ যোৱা ঘটনাক্ৰম সন্দৰ্ভত সোধা পোছা কৰাৰ সম্ভাৱনা আছে ৷
উল্লেখ যে,সুশান্তৰ পিতৃ কে কে সিংহই ৰিয়া চক্ৰৱৰ্তী আৰু তেখেতৰ একাংশ আত্মীয়ৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু সুশান্তক আত্মহত্যাৰ বাবে উচতনি দিয়াৰ অভিযোগ উত্থাপন কৰি 25 জুলাই তাৰিখে পাটনা আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছিল ৷
সুশান্তৰ পিতৃয়ে অভিনেতাজনৰ বেংক একাউন্টতো বিত্তীয় অনিময়ৰ অভিযোগ উত্থাপন কৰিছিল ৷ উল্লেখ্য যে,অভিনেতা সুশান্তৰ মৃতদেহ 14 জুলাইত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ৷
![Sushant Singh Rajput Death Case LIVE: ED summons former business manager of Sushant Singh Rajput](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8325665_sushi.jpg)
লগতে পঢক : বন্দুক দেখুৱাই দুৰ্বৃত্তই লুটি নিলে স্কুটিসহ নগদ ধন