নিউজ ডেস্ক, 9 জুন : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে, নিয়ন্ত্ৰণ ৰেখাত চাৰ্জিকেল ষ্ট্ৰাইক আৰু উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানত এয়াৰ ষ্ট্ৰাইক কৰা ঘটনাই প্ৰমাণ কৰে যে, ভাৰতৰ ভূমিত অনাধিকাৰ প্ৰৱেশ কৰাটো ল'ৰা ধেমালি নহয় ৷ যিয়ে এনেকুৱা কৰে, তেওঁ শাস্তি ভোগ কৰিব লাগিব ৷
ওড়িশাৰ সমবাদ ভাৰ্চুৱেল ৰেলীত অংশ লৈ গৃহমন্ত্ৰী শ্বাহে কয় যে, এন ডি এ চৰকাৰৰ শাসন কালত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ সময় নষ্ট কৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইয়াৰ পূৰ্বেও সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছে, কিন্তু পূৰ্বৰ প্ৰধানমন্ত্ৰীৰ দৰে নৰেন্দ্ৰ মোডী মনে মনে বহি থকা নাই ৷ এয়াৰ ষ্ট্ৰাইক আৰু চাৰ্জিকেল ষ্ট্ৰাইকৰ দ্বাৰা তেওঁৰ ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে পাকিস্তানক এটা শিক্ষাও দিছে ৷ এই পদক্ষেপে বিশ্বক এটা কথা বুজাই দিছে যে ভাৰতৰ ভূমিত অনাধিকাৰ প্ৰৱেশ ভাৰতে কোনো কাৰণত সহ্য নকৰে ৷
![encroaching India's border not child's play](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ez_nehdxsaai8me_0906newsroom_1591658623_1108.png)
দেওবাৰে বিহাৰতো এটা ৰেলীত অংশ লৈ গৃহমন্ত্ৰীগৰাকীয়ে কৈছিল যে, ভাৰতীয় প্ৰতিৰক্ষা নীতিয়ে বহল পৰিসৰত মান্যতা আৰু স্বীকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ সমগ্ৰ বিশ্বই ইয়াক মানি ল'বলৈ বাধ্য হৈছে যে, আমেৰিকা আৰু ইজৰাইলৰ পাচত যদি নিজৰ দেশৰ সীমান্তক সুৰক্ষা দিব পৰা কোনো দেশ আছে সেইয়া হৈছে ভাৰত ৷ এনে এটা সময় আছিল যেতিয়া যিকোনোৱেই আমাৰ সীমাত অনায়াসে প্ৰৱেশ কৰি আমাৰ সৈনিকৰ শিৰছেদ কৰিছিল ৷ উৰি আৰু পুলৱামা আমাৰ সময়ত সংঘটিত হৈছিল, এইয়া মোডী আৰু বিজেপি চৰকাৰ, যি চাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইক কৰিছে ৷
লগতে পঢ়ক : চীনৰ সৈতে আলোচনা চলি থাকিবঃ প্ৰতিৰক্ষা মন্ত্ৰী