ETV Bharat / bharat

চাইকেলেৰে দেশ জয় কৰিব মহাৰাষ্ট্ৰৰ সুনীলে - দেৱলানা গাওঁৰ সুনীল থোৰাটে

চাইকেল চলাই দেশৰ ১৫ খন ৰাজ্য়ৰ প্ৰায় ৮০ খন চহৰ ভ্ৰমণ কৰাৰ সপোন আছে মহাৰাষ্ট্ৰৰ সুনীল থোৰাটৰ । ২০২০ চনৰ ১৮ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ জিলাৰ পৰা যাত্ৰা আৰম্ভ কৰি ৫১ দিনৰ পিছত বুধবাৰে সুনীল উপস্থিত হয় বাংগালুৰুত ।

চাইকেলেৰে দেশ জয় কৰিব মহাৰাষ্ট্ৰৰ সুনীলে

author img

By

Published : Feb 10, 2021, 2:27 PM IST

নিউজ ডেস্ক,১০ফেব্ৰুৱাৰী: চাইকেল চলাই দেশ জয় কৰাৰ সপোন মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদৰ এজন যুৱকৰ । এই সপোন লৈয়ে ঔৰঙ্গাবাদৰ দেৱলানা গাওঁৰ সুনীল থোৰাটে চাইকেলেৰে আৰম্ভ কৰিছিল এক যাত্ৰা । ২০২০ চনৰ ১৮ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদ জিলাৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিল সুনীলে আৰু ৫১ দিন যাত্ৰাৰ পিছত তেওঁ সফলতাৰে বাংগালুৰুত উপস্থিত হয় । এতিয়ালৈ তেওঁ প্ৰায় ৩২৮৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে ।

চাইকেলেৰে দেশ জয় কৰিব মহাৰাষ্ট্ৰৰ সুনীলে
চাইকেলেৰে দেশ জয় কৰিব মহাৰাষ্ট্ৰৰ সুনীলে

বাংগালুৰুত উপস্থিত হোৱাৰ পিছত সাংবাদিকৰ আগত তেওঁ উল্লেখ কৰে যে তেওঁৰ এই যাত্ৰাৰ উদ্দেশ্য় বিশ্ব ঐতিহ্য আৰু ঐতিহাসিক স্মৃতিস্তম্ভৰ সংৰক্ষণ আৰু সংৰক্ষণৰ বাবে ৰাইজক সজাগ কৰা । লগতে তেওঁ কয় যে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত কৰ্মীসকলক শ্ৰদ্ধা জনাবলৈ তেওঁ এই চাইকেল যাত্ৰা কৰিছে । ইফালে সুনীলে জনোৱা মতে বন্ধু আৰু পৰিয়ালৰ পৰা সংগ্ৰহ কৰি অতি কম সংখ্য়ক ধন হাতত লৈ তেওঁ যাত্ৰা আৰম্ভ কৰিছিল । লগতে তেওঁক চৰকাৰী বিষয়া, সংবাদ মাধ্য়ম, শিক্ষানুষ্ঠান আদিয়েও বিভিন্ন ধৰণে সহায় সহযোগ কৰিছে । কেৱল এয়াই নহয় যাত্ৰাৰ সময়ত বহু অচিনাকি লোকে তেওঁৰ উদ্দেশ্য়ৰ কথা গম পাই সহায় কৰে বুলি জানিবলৈ দিয়ে । বাংগালুৰুৰ পৰা তেওঁ এইবাৰ ভাৰতৰ উত্তৰ দিশে ৰাওনা হ'ব । এই যাত্ৰাৰ বাবে তেওঁ এখন বিশেষ মনিকাৰ তৈয়াৰ কৰিছে য'ত লিখা আছে 'ভাৰত ভ্ৰমণ- ভাৰতজুৰি এক যাত্ৰা' ।

অত্য়ন্ত ধৰ্য্য আৰু সাহসিকতাৰে আৰম্ভ কৰা এই তেওঁৰ যাত্ৰাকলৈ বহুতে তেওঁক শুভকামনা জনাইছে কিন্তু সুনীলৰ মতে এই যাত্ৰা কেৱল তেওঁৰ সপোন নহয় মনত এনেধৰণৰ যাত্ৰাৰ ইচ্ছা ৰাখিও যাত্ৰা কৰিব নোৱাৰা সকলৰো সপোন । ইফালে সুনীলে জনোৱা মতে দেশৰ মুঠ ১১,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ১৫ খন ৰাজ্যৰ প্ৰায় ৮০ খন চহৰ ভ্ৰমণ কৰিব সুনীলে । তেওঁ অনুমান কৰা মতে প্ৰায় ১২০ দিন ভ্ৰমণ কৰি ২০২১ চনৰ এপ্ৰিলৰ শেষৰ ফালে এই যাত্ৰা তেওঁ সমাপ্ত কৰিব ।

ইফালে এতিয়ালৈ সুনীলে মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা আৰু তামিলনাডুকে ধৰি ৪ খন ৰাজ্য ভ্ৰমণ কৰিছে । তেওঁ ভ্ৰমণ কৰা চহৰসমূহৰ ভিতৰত আছে তুলাজাপুৰ, বিজাপুৰ, বাদামি, পট্টাদাকাল, হামপি, কেৰালাৰ পশ্চিম ঘাট, ইদুকি বান্ধ, সবাৰীমালা মন্দিৰ, তিৰুভান্তপুৰম, কণ্যকুমাৰী, ৰামশ্বৰাম, মাদুৰাই আদি । তেওঁ বাংগালুৰুত উপস্থিত হৈ লালবাগ বটানিকেল গাৰ্ডেন, বাংগালুৰু পেলেচ, কিউবন পাৰ্ক আৰু ইস্কন মন্দিৰ পৰিভ্ৰমণ কৰে ।

লগতে পঢ়ক:ৰাছাকোণ্ডাত আন্তঃৰাষ্ট্ৰীয় মানৱ দেহ সৰবৰাহকাৰী চক্ৰৰ ৪ সদস্য আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.