নিউজ ডেস্ক,29 ছেপ্টেম্বৰঃ বিগত 48 ঘণ্টাত বিহাৰৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণৰ প্ৰভাৱত কেইবাজনো লোকৰ প্ৰাণহানি হৈছে ৷ ৰাজ্যখনৰ বিশেষকৈ 3 খনকৈ জিলা ক্ৰমে পাটনা, ভাগলপুৰ আৰু কাইমুৰত 10 জমনকৈ লোকৰ প্ৰাণহানি হয় ৷ যোৱা দুদিন ধৰি অব্যাহত থকা বৰষুণৰ ফলত ৰাজ্যখনত বেপাৰ-বাণিজ্য তথা ৰেল আৰু পৰিবহণ ব্যৱস্থা ব্যাহত হৈ পৰিছে ৷ আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই শুক্ৰবাৰৰ পৰা পাটনাত 200 মিলিমিটাৰ বৰষুণ হোৱাৰ তথ্য প্ৰকাশ কৰিছে ৷
ৰাজ্যখনৰ ঘাৰগৌলত দেওবাৰে দুপৰীয়া বৰষুণৰ ফলত এখন অট'ৰ ওপৰত এডাল গছ বাগৰি পৰাত 4 জনকৈ লোকৰ মৃত্যু হয় ৷ আনহাতে ভাগলপুৰত নেৰানেপেৰা বৰষুণত এখন দেৱাল খহি পৰাৰ ফলত 3 জনকৈ লোকৰ ঘটনাস্থলীতেই মৃত্যু হয় ৷
দেশৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ চমুকৈ এনডিআৰএফে পাটনাৰ ৰাজেন্দ্ৰ নগৰত আৱদ্ধ হৈ থকা স্থানীয় ব্যক্তি তথা পোহনীয়া জীৱ-জন্তসমূহৰ উদ্ধাৰ কাৰ্যত জড়িত হৈ পৰিছে ৷
ইফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সামগ্ৰিক বান পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়,
"বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত গংগাৰ পানী ব্যাপকভাৱে বৃদ্ধি পাইছে ৷ কিন্তু সকলো ব্যৱস্থাপনা সঠিকৰূপে কৰা হৈছে আৰু প্ৰশাসনে ৰাইজক সহযোগ আগবঢ়াবলৈ সাজু আছে"৷ তেওঁ লগতে কয়,"প্ৰাকৃতিক পৰিঘটনাৰ ওপৰত কাৰোৰেই হাত নাথাকে ৷ প্ৰভাৱিত সকলৰ বাবে খোৱা পানীৰ সুব্যৱস্থা কৰা হৈছে আৰু সমূহীয়া ৰান্ধনিশালৰো ব্যৱস্থা কৰা হৈছে ৷"
ইফালে, ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে বিহাৰৰ বিভিন্ন অঞ্চলত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ বতৰ বিজ্ঞান সংস্থাই লগতে সৌৰাষ্ট্ৰ, কচ্চ, পূব ৰাজস্থান আৰু পশ্চিমবংগৰ গংগা নদীৰ প্ৰান্তীয় অঞ্চলত আগন্তক কিছুদিনত ব্যাপক বৃষ্টিপাত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৷