পুৰী,27 ছেপ্তেম্বৰ: 27 ছেপ্তেম্বৰত সমগ্ৰ বিশ্বত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস ৷ ৰাষ্ট্ৰসংঘৰ অধীনত বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত 1980 চনৰ পৰা সকলো দেশতে পালন কৰা হয় এই দিৱস ৷ এই দিৱসৰ প্ৰধান উদ্দেশ্য- আন্তৰ্জাতিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰসমূহৰ লগত সেতুবন্ধন গঢ়ি তোলা ৷ এইবেলি পালন কৰা হৈছে 40 সংখ্য়ক বিশ্ব পৰ্যটন দিৱস ৷ সেই উপলক্ষে ওড়িশাৰ বিখ্যাত বলুকা শিল্পী সুদৰ্শন পাটনায়কে সমুদ্ৰতীৰত সাজি উলিয়াইছে বলুকা শিল্পৰ এক বিশেষ কাৰুকাৰ্য ৷ পুৰীৰ সমুদ্ৰতীৰত অংকন কৰা এই শিল্পৰে পৰ্যটকক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে বলুকা শিল্পীগৰাকীয়ে ৷
লগতে চাওকঃ দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান