নিউজ ডেস্ক, ১৪অক্টোবৰঃ মংগলবাৰে এক জৰুৰী বৈঠকত JEE ৰ এইবাৰৰ পৰীক্ষাত অৱতিৰ্ণ হ'ব নোৱাৰা পৰীক্ষাৰ্থী সকলৰ বাবে গ্ৰহণ কৰা হয় এক সিদ্ধান্ত । চলিত বৰ্ষত JEE ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা শিহ্মাৰ্থী সকলে আগন্তুক ২০২১ চনত বঢ়িব পাৰিব পৰীক্ষাত। পৰীক্ষাৰ্থী সকলে পৰীক্ষাৰ পূৰ্বে সম্পন্ন কৰিব লাগিব ক'ভিডৰ পৰীক্ষা ৷
উল্লেখ্য যে, প্ৰাৰ্থী সকলৰ একাংশই ক'ভিড-১৯ৰ ভয়াৱহতাৰ বাবে চলিত বৰ্ষৰ JEE ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাছিল ।যাৰ বাবে আগন্তুক বৰ্ষত এই বৰ্ষৰ প্ৰ-পত্ৰৰে অৱতিৰ্ণ হ’ব পাৰিব বুলি উল্লেখ কৰিলে Joint Admission Board চমুকৈ JAB য়ে ।