ETV Bharat / bharat

৪১সংখ্যক জি এছ টি পৰিষদৰ বৈঠক আৰম্ভ: ৰাজহ সংগ্ৰহৰ পৰিমাণ হ্ৰাস, ক্ষতিপূৰণৰ বিষয়ে আলোচনা

৪১সংখ্যক জি এছ টি পৰিষদৰ বৈঠক আৰম্ভ। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হৈছে বৈঠক। ৰাজ্যসমূহৰ পৰা সংগ্ৰহৃত ৰাজহৰ পৰিমাণ হ্ৰাস হোৱাক লৈ বৈঠকত আলোচনা।

author img

By

Published : Aug 27, 2020, 3:56 PM IST

৪১সংখ্যক জি এছ টি পৰিষদৰ বৈঠক
৪১সংখ্যক জি এছ টি পৰিষদৰ বৈঠক

নেশ্যনেল ডেস্ক, ২৭আগষ্টঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে জি এছ টি পৰিষদৰ বৈঠক। বৈঠকত অংশ লৈছে বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰৰ লগতে ৰাজ্যসমূহৰ শীৰ্ষ নেতৃত্বই । ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হৈছে ৪১ সংখ্যক জি এছ টি পৰিষদৰ বৈঠক । ৰাজ্যসমূহৰ পৰা সংগ্ৰহৃত ৰাজহৰ পৰিমাণ হ্ৰাস হোৱাক লৈ বৈঠকত আলোচনা হৈছে । বৈঠকত বিৰোধী দলৰ নেতাসকলে ৰাজহৰ পৰিমাণ হ্ৰাস হোৱাৰ বিপৰীতে ক্ষতিপূৰণ আদায় দিব বুলি কেন্দ্ৰই দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিব । বুধবাৰে কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে আলোচনাত মিলিত হৈ ৰাজহৰ পৰিমাণ হ্ৰাসৰ ওপৰত আলোচনা কৰিছিল । বৃহস্পতিবাৰে অনুষ্ঠিত জি এছ টি পৰিষদৰ বৈঠকত বজাৰ ঋণ, শুল্কৰ হাৰ বৃদ্ধি আৰু ক্ষতিপূৰণ শুল্ক বৃদ্ধিৰ বাবে উপকৰণৰ সংখ্যা বৃদ্ধি কৰাৰ বিষয়ক আলোচনা হ'ব । কাপোৰ আৰু জোতাৰ ওপৰত থকা শুল্কৰ ক্ষেত্ৰত কিছু সাল-সলনি হোৱাৰ সম্ভাৱনা আছে বুলিও বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.