ETV Bharat / bharat

ফ্ল'ৰেন্স নাইটিংগেলৰ উক্তিৰে 110 তম মৃত্যু বাৰ্ষিকিত ইটিভি ভাৰতৰ স্মৰণ - নাইটিংগেল শপত'

আজি ধাত্ৰী বিদ্যাৰ বাটকটীয়া ফ্ল'ৰেন্স নাইটিংগেলৰ 110 তম মৃত্যু বাৰ্ষিকি ৷ তেখেতৰ মত্যু বাৰ্ষিকিত তেখেতৰ কিছু উক্তিৰে স্মৰণ কৰাৰ চেষ্টা ইটিভি ভাৰতৰ ৷

still remembering florence nightingale the lady with the lamp on 110th death anniversary during the time of covid 19 pandemic
ফ্ল'ৰেন্স নাইটিংগেলৰ উক্তিৰে 110 তম মৃত্যু বাৰ্ষিকিত ইটিভি ভাৰতৰ স্মৰণ
author img

By

Published : Aug 13, 2020, 7:07 PM IST

নিউজ ডেস্ক, 13 আগষ্ট : 13 আগষ্ট তাৰিখটো ফ্ল'ৰেন্স নাইটিংগেলৰ মৃত্যু বাৰ্ষিকি হিচাপে সমগ্ৰ বিশ্বত পালন কৰা হয় ৷ আজি ফ্ল'ৰেন্স নাইটিংগেলৰ 110 তম মৃত্যু বাৰ্ষিকি ৷ ফ্ল'ৰেন্স নাইটিংগেল হৈছে এগৰাকী ব্ৰিটিছ সমাজ সংস্কাৰক, পৰিসংখ্যাবিদ আৰু ধাত্ৰী বিদ্যাৰ বাট-কটকীয়া । তেওঁক আধুনিক ধাত্ৰীবিদ্যাৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায় । 1853 চনৰ পৰা 1856 চনলৈ চলা ক্ৰিমিয়াৰ যুদ্ধত সৈনিক সকলক কৰা সেৱা-শুশ্ৰূষাৰ বাবে তেওঁ জগত বিখ্যাত ৷ চাকিৰ সৈতে নিশা আঘাতপ্ৰাপ্ত সৈনিক সকলক সেৱা কৰাৰ বাবে তেওঁক লেডী ৱিথ দা লেম্প বুলিও জনা যায় ।

1860 চনত লণ্ডনৰ চেইণ্ট থমাছ চিকিৎসালয়ত তেওঁ নাৰ্ছিং স্কুল প্ৰতিষ্ঠা কৰি পেশাদাৰী ধাত্ৰী বিদ্যাৰ পাতনি মেলিছিল । ই পৃথিৱীৰ প্ৰথম নিৰপেক্ষ আধুনিক ধাত্ৰী বিদ্যাৰ প্ৰতিষ্ঠান বুলিও জনা যায় যি বৰ্তমান লণ্ডনৰ কিংছ কলেজৰ অন্তৰ্গত । তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ধাত্ৰী বিদ্যাৰ শিক্ষাৰ্থী সকলে নতুন নাৰ্ছ সকলে 'নাইটিংগেল শপত' গ্ৰহণ কৰে আৰু আন্তৰ্জাতিক পৰ্যায়ত তেখেতক ধাত্ৰী বিদ্যাৰ সৰ্বোচ্চ সন্মান 'ফ্ল'ৰেন্স নাইটিংগেল পদক' তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে । প্ৰতি বছৰে তেওঁৰ জন্মদিন 12 মে' তাৰিখে গোটেই বিশ্বজুৰি আন্তজাৰ্তিক ধাত্ৰী দিৱস হিচাপে পালন কৰা হয় ।

তেওঁ ব্ৰিটিছ সমাজৰ সকলো বৰ্গৰ বাবে স্বাস্থ্যসেৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল । তেওঁ ভাৰতৰ ক্ষুধাৰ্ত লোকসকলৰ বাবে সাহায্য, বেশ্যাবৃত্তিৰ অৱসান আৰু কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণৰ হকে সদায় মাত মাতি আহিছিল । তেওঁ এগৰাকী সু-লেখিকা আছিল । তেওঁৰ জীৱনকালত কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে । ইয়াৰ লগতে তেওঁ পৰিসাংখ্যিক বিজ্ঞানৰ লেখৰ সহায়ত দৃশ্যমান তথ্যৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল । তেওঁৰ ধৰ্ম আৰু অন্যান্য বিষয়ত ৰচনা সমূহ মৃত্যুৰ পিছত প্ৰকাশিত হৈছিল ।

তেখেতে জীৱন কালত কিছুমান গুৰুত্বপূৰ্ণ উক্তিৰে হাজাৰ গৰাকী নাৰীক সাহস আৰু কৰ্মৰ বাট দেখুৱাই গৈছিল ৷ তাৰে ভিতৰত হ'লঃ

1. এগৰাকী মহিলাই নিজৰ বুদ্ধি-বিবেচনাৰে সমাজত বসবাস কৰিব নোৱাৰে ৷ সমাজে তেওঁক নিজৰ মতে জীয়াই থাকিব নিদিয়ে ৷ সমাজে তেওঁক কিছুমান দায়িত্ব আৰু কৰ্তব্য নিৰ্ধাৰণ কৰি দিয়ে যিয়ে তেওঁক বাধা দিয়ে ৷

2. মই জীৱনত কেতিয়াও কামৰ ক্ষেত্ৰত অজুহাত দি পোৱা নাই আৰু সেয়াই মই মোৰ সফলতাৰ কাৰণ বুলি ভাবো ৷

3. এখন চিকিৎসালয়ৰ প্ৰধান আৱশ্যকতা এয়াই যে, ই কেতিয়াও অসুস্থ ব্যক্তিৰ ক্ষতিসাধন নকৰে ৷

4. মই পাৰত থিয় হৈ থকাতকৈ নতুনক বিচাৰি ঢৌৰ মাজত সাতুৰি হোৱা মৃত্যু পচন্দ কৰো ৷

5. পৰমাত্মাক বিচাৰিবলৈ হলে আমি পৰিসংখ্যা অধ্যয়ন কৰিব লাগে কিয়নো পৰিসংখ্যাই তেওঁৰ উদ্দেশ্যৰ কাৰণ বাখ্যা কৰিব পাৰে ৷

1910 চনৰ 13 আগষ্টত তেওঁৰ মৃত্যু হৈছিল ৷ আজি তেখেতৰ 110 তম মৃত্যু বাৰ্ষিকি ৷ তেখেতৰ মৃত্যুত আমি ইটিভি ভাৰতৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে ৷ যুগ যুগ ধৰি হাজাৰ গৰাকী নাৰীৰ বাবে সাহসৰ প্ৰতীক হৈ ৰব ফ্ল'ৰেন্স নাইটিংগেল ৷

লগতে পঢ়ক : 17সংখ্যক কাৰমাপাৰ ছিক্কিম ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.