ETV Bharat / bharat

স্পাইচজেটে আৰম্ভ কৰিব সামুদ্ৰিক বিমান সেৱা

author img

By

Published : Oct 28, 2020, 4:43 PM IST

অক্টোবৰ 31 তাৰিখৰ পৰা স্পাইচজেটে আৰম্ভ কৰিব সামুদ্ৰিক বিমান সেৱা ৷ বুধবাৰে স্পাইচজেটে ঘোষণা কৰিলে প্ৰথমবাৰৰ বাবে সামুদ্ৰিক বিমান সেৱা আৰম্ভ কৰাৰ কথা ৷ আহমেদাবাদ আৰু গুজৰাটৰ কেবড়িয়াৰ ঐক্য মুৰ্তি (ষ্টেচ্ছ্যু অৱ ইউনিটিৰ) ৰ মাজত প্ৰথমবাৰৰ বাবে এই সেৱা আৰম্ভ হ'ব ৷

প্ৰথমবাৰৰ বাবে সামুদ্ৰিক সেৱা সেৱা আৰম্ভ কৰিবলৈ সাজু স্পাইচজেট

নেশ্যনেল ডেস্ক, 28 অক্টোবৰ: প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ব স্পাইচজেটৰ সামুদ্ৰিক বিমান সেৱা ৷ বুধবাৰে আনুষ্ঠানিকভাৱে স্পাইচজেটে এই কথা ঘোষণা কৰে ৷ আহমেদাবাদ আৰু গুজৰাটৰ কেবড়িয়াৰ ঐক্য মুৰ্তি (ষ্টেচ্ছ্যু অৱ ইউনিটিৰ) ৰ মাজত 31 অক্টোবৰৰ পৰা এই সেৱা আৰম্ভ হ'ব ৷

স্পাইচজেটৰ সম্পূৰ্ণ মালিকানাধীন সহায়ক সংস্থা স্পাইচ শ্বাটলে এই সামুদ্ৰিক বিমান সেৱা পৰিচালনা কৰিব ৷ 15 খন আসনযুক্ত টুইন অটাৰ 300 বিমান খনে আহমেদাবাদৰ পৰা কেবড়িয়ালৈ দিনে দুবাৰকৈ চলাচল কৰিব ৷

স্পাইচজেটৰ বিবৃতি অনুসৰি কেৱল যোৱা বা অহাৰ বাবে উড়ান আঁচনিৰ অধীনত টিকটৰ দাম এবাৰত 1500 টকা ধাৰ্য কৰা হৈছে ৷ 30 অক্টোবৰ 2020 ৰ পৰা টিকট সমূহ উপলব্ধ হ'ব ৷

তথ্য অনুসৰি 31 অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথম খন বিমানৰ জড়িয়তে যাত্ৰা কৰি এই সেৱাৰ উদ্বোধন কৰিব ৷ জানিব পৰা মতে পুৱা 10:15 বজাত সৱৰমতি নদীৰ পাৰৰ পৰা বিমান খনে যাত্ৰা আৰম্ভ কৰি 10:45 বজাত কেবড়িয়াত উপস্থিত হ'ব ৷

স্পাইচজেটৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অজয় সিঙে কয়,"ভাৰতীয় বিমান সেৱাৰ ক্ষেত্ৰ খনত আমাৰ সামুদ্ৰিক বিমান সেৱাৰ আৰম্ভণি এক উল্লেখনীয় ঘটনা হৈ ৰ'ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশখনৰ ভিতৰুৱা অঞ্চলসমূহক বিমানসেৱাৰে সংযুক্ত কৰাৰ যি সপোন , সেই সপোনক পূৰ্ণ কৰাৰ ক্ষেত্ৰত অৰিহনা যোগাবলৈ সক্ষম হোৱা বাবে আমি, স্পাইচজেটে গৌৰৱ অনুভৱ কৰিছো ৷"

উল্লেখ্য যে উড়ান আঁচনিৰ অধীনত স্পাইচজেটে 18 খন সামুদ্ৰিক বিমান লাভ কৰিছে ৷ ইয়াৰ মাজত আছে আহমেদাবাদ-কেবড়িয়া , অগট্টি-মিনিকয় , অগট্টি-কাৱাৰাট্টি ইত্যাদি ৷

লগতে পঢ়ক: শ্ৰীনগৰত NIAৰ অভিযানক লৈ মেহবুবা মুফটিৰ কটাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.