নিউজ ডেস্ক,13 আগষ্টঃ মোদী চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ বাতিল কৰি ৰাজ্যখনক দুই কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত কৰাৰ সিদ্ধান্তক লৈ সুখী এগৰাকী চিত্ৰশিল্পী ৷ 370 অনুচ্ছেদ প্ৰত্যাহাৰৰ আনন্দ ব্যতিক্ৰমী উপায়েৰে উদযাপন চুৰাটৰ বিশেষ ভাবে সক্ষম চিত্ৰশিল্পী মনোজ ভিংগাৰেৰ ৷
এখন ৰাষ্ট্ৰ,এখন সংবিধান আৰু এখন পতাকা (One Nation, One Constitution and One Flag) ৰ উদ্দেশ্য আগত ৰাখি শিল্পীগৰাকীয়ে অংকন কৰিছে ভাৰতৰ মানচিত্ৰ৷ বিশেষ ভাবে সক্ষম চিত্ৰশিল্পীগৰাকীয়ে মুখেৰে ভাৰতৰ মানচিত্ৰ অংকন কৰি দেশমাতৃৰ প্ৰতি নিজৰ শ্ৰদ্ধা আৰু ভক্তি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ চিত্ৰশিল্পীগৰাকীৰ এই অনন্য প্ৰতিভাৰ প্ৰতি বৰ্তমান আকৰ্ষিত হৈছে সকলো৷