ETV Bharat / bharat

ৰে'ল নহ'লে পাবলৈ নাই পানী !

পানীৰ অভাৱৰ সৈতে মোকাবিলা কৰিবলৈ সমগ্ৰ চেন্নাইৰ বাবে পানী ক্ৰয় কৰিবলৈ বাধ্য হৈছে তামিলনাডু চৰকাৰ ৷ শুকুৰবাৰে 50 টা ডবাৰ এখন ৰে'ল তামিলনাডুৰ ভেলোৰ জিলাৰ পৰা উপস্থিত হ'ব চেন্নাইত ৷ প্ৰায় 50,000 লিটাৰ পানী থাকিব ৰে'লখনৰ ৷

author img

By

Published : Jul 12, 2019, 1:52 PM IST

ৰে'ল নহ'লে পাবলৈ নাই পানী !

চেন্নাই,12 জুলাই : নগৰীকৰণৰ আন এটা কঠোৰ সত্য ৷ যি সময়ত বানত ককবকাইছে অসম , সেই একেটা সময়তে জল সংকটত ভাৰতৰ এখন চহৰ ৷ চেন্নাই চহৰখনলৈ পানীৰ যোগান ধৰা চ'লাবৰম , ৰেডশিল জলাশয় আৰু চেমবাৰামাক্কম হ্ৰদ শুকাই যোৱাৰ ফলত ভীষণ জল সংকটত চেন্নাই চহৰ ৷ এতিয়া কেৱল পুণ্ডি জলাশয়ৰ 16 এমচি এফ টি পানীহে বাকী ৰৈছেগৈ চহৰখনত ৷ পানীৰ অভাৱৰ সৈতে মোকাবিলা কৰিবলৈ সমগ্ৰ চেন্নাইৰ বাবে পানী ক্ৰয় কৰিবলৈ বাধ্য হৈছে তামিলনাডু চৰকাৰ ৷ শুকুৰবাৰে 50 টা ডবাৰ এখন ৰে'ল তামিলনাডুৰ ভেলোৰ জিলাৰ পৰা উপস্থিত হ'ব চেন্নাইত ৷ প্ৰায় 50,000 লিটাৰ পানী থাকিব ৰে'লখনত ৷

শুকুৰবাৰে পুৱা জ'লাপেট্টা ষ্টেচনৰ পৰা আহিবলগীয়া ৰে'লখনৰ যাত্ৰাৰ আৰম্ভণিত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰীসকল ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পালানীস্বামীয়ে জনোৱা অনুসৰি চৰকাৰে প্ৰায় 10 মিলিয়ন লিটাৰ পানী ক্ৰয় কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Special water train to reach chennai On Friday 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.