ETV Bharat / bharat

স্থল আৰু নৌসেনা একাডেমীৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা - কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ

কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ মাজতো দক্ষিণ মধ্য ৰে'লৱেই ৪ খন বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিব। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু নৌসেনা একাডেমীৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীৰ বাবে এই বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হ'ব।

স্থল-নৌসেনা একাডেমীৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা

author img

By

Published : Sep 5, 2020, 5:09 PM IST

নেশ্যনেল ডেস্ক, ৫ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু নৌসেনা একাডেমীৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ যাতায়তৰ সুবিধাৰ্থে বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিব দক্ষিণ মধ্য ৰে'লৱেই । পুণে-হায়দৰাবাদ আৰু মুম্বাই এল টি টি-হায়দৰাবাদ ৰে'লমাৰ্গেৰে যাত্ৰা কৰিব ৪ খন বিশেষ ৰে'ল ।

দক্ষিণ মধ্য ৰে'লৱেই বিবৃত্তিত প্ৰকাশ কৰা তথ্য অনুসৰি পুণে আৰু হায়দৰাবাদৰ মাজত চলিবলগীয়া এখন ৰে'লে শনিবাৰে দিনৰ ২,১৫বজাত পুণেৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু দেওবাৰে পুৱা ৪ বজাত হায়দৰাবাদ গৈ পাব। পুনৰ ৬ ছেপ্টেম্বৰৰ নিশা ১০.৪৫ বজাত হায়দৰাবাদৰ পৰা পুণে অভিমুখে ৰাওনা হ'ব ।

আনহাতে, আন এখন বিশেষ ৰে'ল মুম্বাই এল টি টিৰ পৰা শনিবাৰে দিনৰ ২বজাত হায়দৰাবাদ অভিমুখে যাত্ৰা কৰিব আৰু দেওবাৰে নিশা ৯.১৫বজাত হায়দৰাবাদ গৈ পাব । হায়দৰাবাদৰ পৰা ৭ছেপ্টেম্বৰত দিনৰ ১১.১৫বজাত উভতনি যাত্ৰা কৰিব ৰে'লখনে। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী আৰু নৌসেনা একাডেমীৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে চলাচলৰ ব্যৱস্থা কৰা এই ৰে'লকেইখনত আছে এ চি থ্ৰী টায়াৰ, স্লীপাৰ আৰু জেনেৰেল ছেকেণ্ড ক্লাছৰ ডবা । প্ৰৱেশ পৰীক্ষাৰ পৰা পৰীক্ষাৰ্থীসকল যাতে বঞ্চিত নহয়, তাৰ বাবে বিশেষ ৰে'লকেইখনৰ ব্যৱস্থা কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.