নেশ্যনেল ডেস্ক, ২ জানুৱাৰী: স্বদেশত নিৰ্মিত ট্ৰেক্টৰ প্ৰথমবাৰৰ বাবে বাংলাদেশলৈ ৰপ্তানি কৰিলে মাদুৰাই ৰে'ল বিভাগে । শুক্ৰবাৰে দক্ষিণ ভাৰতৰ ৰে'ল বিভাগে ভাৰতত নিৰ্মিত ১৭০ খনৰো অধিক ট্ৰেক্টৰ তামিলনাডুৰ মাডুৰাইৰ পৰা ৰপ্তানি কৰে । ৰে'ল বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, ৰে'ল বিভাগৰ মাদুৰাই শাখাই ভড়ীপট্টীস্থিত টি এ এফ ই ফেক্টৰীৰ পৰা ট্ৰেক্টৰবোৰ মালবাহী ৰে'লেৰ জৰিয়তে ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে ।
২০১৯ চনত ফেক্টৰীটোৱে ১২ খন মালবাহী ৰে'লেৰে ট্ৰেক্টৰ ৰপ্তানি কৰি ২.৩৩ কোটি টকা ৰাজহ লাভ কৰিছিল । চলিত বৰ্ষত ৰাজহৰ পৰিমাণ ১১.৭৮ কোটিলৈ বৃদ্ধি পাইছে । এতিয়ালৈকে ৬১ খন ৰেক ট্ৰেক্টৰ ৰপ্তানিৰ বাবে ব্যৱহাৰ কৰা হৈছে । ১৭০ খনৰো অধিক ট্ৰেক্টৰ ভড়ীপট্টীৰ পৰা বাংলাদেশৰ বেনাপ'ল ৰে'ল ষ্টেচনলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পিয়ুষ গ'য়েলে টুইটযোগে দক্ষিণ ৰে'লৱেৰ এই কাৰ্যক প্ৰশংসা কৰিছে ।
তেওঁ কয় যে, তামিলনাডুৰ ভড়ীপট্টীৰ পৰা বাংলাদেশৰ বেনাপ'ললৈ ২৫টা ট্ৰেক্টৰভৰ্তি দবা সংলগ্ন মালবাহী ৰে'ল প্ৰেৰণ কৰা হৈছে । উৎকৃষ্ট আৰু প্ৰতিযোগিতামূলক কৃষি প্ৰযুক্তি আৰু সা-সঁজুলি ৰপ্তানিৰ ক্ষেত্ৰত বৰ্তমান ভাৰত বিশ্বৰ ভিতৰতে মুখ্য যোগান ধৰোতা হিচাপে পৰিগণিত হৈছে ।