নিউজ ডেস্ক, 17 জুন : কৰ'ণা মহামাৰীৰ বাবে জনসাধাৰণৰ চলাচলত নিষেধাজ্ঞা জাৰী ৰখাৰ মাজতেই বুধবাৰে লেহৰ সোনম নাৰবু স্মাৰক হাস্পতালত অস্বাভাৱিক অৱস্থাৰ সৃষ্টি হয় ৷ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ গালৱান ভেলীত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুওৱা সৈন্যৰ নশ্বৰ দেহ এই চিকিৎসালয়লৈ অনা হয় ৷ লেহস্থিত 15 নং ক'ৰৰ পৰা নশ্বৰদেহ সমূহ নিজ নিজ চহৰলৈ প্ৰেৰণ কৰাৰ আগেয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে এই হাস্পতাললৈ অনা হয় ৷
এছ এন এম চিকিৎসালয়ৰ এজন চিকিৎসকে ইটিভি ভাৰতক জনোৱা মতে হাস্পতালখনত কমেও ছজন সৈননিকৰ মৰণোত্তৰ পৰীক্ষা কৰা হয় ৷ চিকিৎসালয়ত কোনো ধৰণৰ আহত সৈনিকক ভৰ্তি কৰোৱা নাছিল ৷ সীমান্তত সংঘটিত এক সংঘৰ্ষত অতি কমেও 20 গৰাকী ভাৰতীয় সেনা নিহত হৈছে ৷
সেই অঞ্চলৰ লাডাখ বৌদ্ধ সংস্থাৰ সদস্যই সৈন্যসকলক শ্ৰদ্ধা জনোৱাৰ বাবে গোটখাইছিল ৷ কফিনত দিবৰ বাবে তেওঁলোকে খাটাক লগত আনিছিল ৷ সংস্থাৰ সভাপতি পিটি কুঞ্জান্দে কয় যে, লাডাখৰ জনসাধাৰণে সদায় ভাৰতীয় সেনা বাহিনীক সমৰ্থন কৰি আহিছে আৰু ভাৰত চৰকাৰে চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে কটোৰ সিদ্ধান্ত ল'ব লাগে ৷
লগতে পঢ়ক : ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কামাণ্ডাৰ(অৱসৰপ্ৰাপ্ত) মহন্ত পাংগিঙৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ