নিউজ ডেস্ক, ১৬ জুনঃ মঙলবাৰে কোনো ব্যক্তিৰ নাম নলোৱাকৈ ছ'চিয়েল মিডিয়াযোগে আক্ৰমণ কৰিলে অভিনেত্ৰী সোণাক্ষী সিনহাই । অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক একাংশই প্ৰচাৰৰ মাধ্যম হিচাবে লোৱা বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ।
সোণাক্ষীয়ে টুইটাৰযোগে উল্লেখ কৰে য়ে, "গাহৰিৰ লগত মল্লযুদ্ধ কৰিলে সমস্যা এইটো হয় যে আপুনি সোনকালে লেতেৰা হৈ পৰিব আৰু গাহৰিটোৱে সেইটোৱে আনন্দ লাভ কৰিব । একাংশ লোকে আমাৰ পৰিয়ালৰ সদস্যৰ মৃত্যু বিষয় উপস্থাপন কৰি তেখেতসকলে নিজৰ বিষয় দাঙি ধৰিছে আৰু ইয়াৰ জৰিয়তে আনন্দ লৈছে । আহ্বান জনাইছো এনেধৰণৰ কাৰ্য সোণকালে বন্ধ কৰক ।"
লগতে কয়, আপোনাৰ নিগেটিভিটি, ঘৃণা তথা বিৰক্তি প্ৰকাশ কৰাৰ এয়া সঠিক সময় নহয় । দয়া কৰি মৃত লোকক কিছু হলেও সন্মান কৰক ।
-
Certain people are just disgusting and will always be. pic.twitter.com/vTgQdCm7AP
— Sonakshi Sinha (@sonakshisinha) June 15, 2020 " class="align-text-top noRightClick twitterSection" data="
">Certain people are just disgusting and will always be. pic.twitter.com/vTgQdCm7AP
— Sonakshi Sinha (@sonakshisinha) June 15, 2020Certain people are just disgusting and will always be. pic.twitter.com/vTgQdCm7AP
— Sonakshi Sinha (@sonakshisinha) June 15, 2020
উল্লেখ্য যে, ৩৩ বছৰীয়া অভিনেত্ৰী সোণাক্ষী সিনহাই কোনো ব্য়ক্তি তথা ব্যক্তি গৰাকীৰ পদৰ নাম উল্লেখ নকৰাকৈ এনেদৰে আক্ৰমণ কৰে ।