ETV Bharat / bharat

ছ’চিয়েল মিডিয়া আৰু COVID ১৯ : সুযোগ নে দুৰ্যোগ ?

বৰ্তমান সমময়ত মানুহৰ বাবে ছ’চিয়েল মিডিয়া যোগাযোগৰ জৰুৰী মাধ্যম হৈ পৰিছে । ছ’চিয়েল মিডিয়া ফেচবুক, টুইটাৰ, হোৱাটছএপৰ লগতে আন বহুতো নেটৱৰ্কিং, ফটো শ্বেয়াৰিং আৰু মাইক্ৰ’ব্লগিং চাইট বা এপ্লিকেশ্বনসমূহ আমাৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে । এই ছাইটসমূহে আমাক মেছেজ, ফটো,গ্ৰাফিক্স আদি সহজতে সৃষ্টি কৰি কম সময়ত বহু লোকৰ কাষ চপোৱাত সহায় কৰে । গৱেষণাই কোৱা মতে ছ’চিয়েল মিডিয়াই কেৱল তথ্য সৃষ্টি আৰু বিতৰণ কৰাৰেই সুবিধা নিদিয়ে, ই অধিক অনলাইন প্লেটফৰ্মৰ সুবিধা গ্ৰহণৰ লগতে মানুহৰ মাজত যোগাযোগ বৃদ্ধি আৰু প্ৰয়োজনীয় মানসিক আৰু আৱেগিক সমৰ্থন দিয়ে ।

Social media and COVID19
Social media and COVID19
author img

By

Published : Apr 8, 2020, 8:11 PM IST

COVID 19 ৰ দৰে বৰ্তমানৰ জনস্বাস্থ্যৰ লগত জড়িত জৰুৰীকালীন অৱস্থাত ছ’চিয়েল মিডিয়াই ৰাইজৰ কাষ চপাত সুবিধা কৰি দিয়ে । ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ বহু সুবিধা থকাৰ পাছতো এয়া মনত ৰখাটো উচিত যে ছ’চিয়েল মিডিয়া দুফালে ঢাৰ থকা তৰোৱাল সদৃশ হ’ব পাৰে । যেনেদৰে ছ’চিয়েল মিডিয়াত ইতিবাচক আৰু প্ৰকৃত তথ্য প্ৰচাৰ কৰা হয় একেদৰে উৰা বাতৰি আৰু মিছা তথ্যও ছ’চিয়েল মিডিয়াত সহজে ব্যৱহাৰ কৰিব পাৰি । গতিকে ছ’চিয়েল মিডিয়াত কোনো তথ্য সৃষ্টি, লাইক কৰা বা শ্বেয়াৰ কৰাৰ আগতে আমি সতৰ্ক হোৱাটো প্ৰয়োজন । বিগত কিছু সপ্তাহৰ ঘটনা-পৰিঘটনাসমূহে ছ’চিয়েল মিডিয়াৰ এই দুটা দিশক স্পষ্ট কৰিছে ।

ভাল দিশসমূহ :

হাত ধোৱা, শাৰীৰিক দূৰত্ব আৰু নিজকে কোৱাৰেণ্টাইনত ৰখাৰ দৰে বাৰ্তাসমূহ জনসাধাৰণৰ মাজলৈ প্ৰেৰণ কৰাৰ বাবে সৃষ্টি কৰা বা প্ৰচাৰ কৰা সৃষ্টিশীল লেখা, ফটো, ভিডিঅ’ আৰু গ্ৰাফিক্সবোৰক ভাল দিশ বুলি ক’ব পাৰি । উদাহৰণস্বৰূপে বিশ্ব স্বাস্থ্য সংস্থা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, পাব্লিক হেলথ্ ফাউণ্ডেশ্বন অৱ্ ইণ্ডিয়াকে ধৰি কেনেদৰে ২০ ছেকেণ্ডৰ বাবে হাত ধুব লাগে (হেপ্পী বাৰ্থডে গানটো ব্যৱহাৰ কৰি)বা কেনেদৰে শাৰীৰিক দূৰত্ব ৰক্ষা কৰিব লাগে সেয়া ৰাইজক দেখুৱাই ছ’চিয়ল মিডিয়াৰ সঠিক ব্যৱহাৰ কৰিছে ।

২২ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে কেইবা মিলিয়ন লোকে স্বাস্থ্য কৰ্মীসকলৰ বাবে হাত চাপৰি মৰাই নহয় তেওঁলোকে ছ’চিয়েল মিডিয়াত সেয়া মিলিয়ন মিলিয়ন লোকৰ সৈতেও শ্বেয়াৰ কৰে । ঘৰৰ পৰা দূৰত থকা বহু স্বাস্থ্য কৰ্মীয়ে ভাৰতীয়সকলৰ তেওঁলোকৰ প্ৰতি প্ৰশংসা আৰু সমৰ্থন প্ৰত্যক্ষ কৰিবলৈ সক্ষম হয় । স্বাস্থ্য কৰ্মী আৰু আবদ্ধ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে খাদ্য আৰু আন অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰাৰ দৰে সমূহীয়া কাৰ্যকলাপৰ বাবেও ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা হৈছে । চেলিব্ৰিটীসকলেও ভাৰতত লক্ ডাউন পালন কৰাৰ বিষয়ে ভিডিঅ’ আৰু মেছেজসমূহ প্ৰচাৰ কৰি আহিছে । বিজ্ঞানী, সাংবাদিক আৰু স্বাস্থ্য কৰ্মীসকলে চৰকাৰৰ নীতি, শেহতীয়া খবৰবোৰৰ বিষয়ে আলোচনা কৰাৰ লগতে তেওঁলোকৰ সতীৰ্থকলক সামাজিক আৰু আৱেগিক সমৰ্থন আগবঢ়াই আহিছে । নিউজ চেনেলসমূহৰ বাবেও ছ’চিয়েল এপে তেওঁলোকে সাঙুৰিব পৰা লোকৰ সংখ্যা বৃদ্ধি কৰে আৰু নতুনদৰ্শকসকলৰ পৰা অতিৰিক্ত ‘ভিউজ’ লাভ কৰে ।

নেতিবাচক দিশসমূহ :

দুটা পৃথক ঘটনাত দুই দম্পতী কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি হোৱাটছএপত ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে মুম্বাই আৰু কলহাপুৰৰ দুগৰাকী লোকক পৃথকে পৃথকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । COVID সম্পৰ্কীয় ভুৱা তথ্য ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ বাবে কলকাতাত আৰক্ষীয়ে ২৯ বছৰীয়া এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে । স্বয়ম্ভূ গুৰুসকলে গোমূত্ৰ খালে কেনেদেৰ ভাইৰাছৰ পৰা বাচি থাকিব পাৰি তেনে ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰে ।

উৰা বাতৰি আৰু ভুৱা তথ্য চাৰি প্ৰকাৰৰ হ’ব পাৰে—

(১)ভালদৰে খবৰ নোপোৱাকৈ ভুল তথ্য কিছুমান লোকে প্ৰচাৰ কৰে কিয়নো তেওঁলোকে বাবে সেই তথ্যবোৰ উপকাৰী । এই তথ্যবোৰ তেওঁলোকৰ ভয়ৰ বাবে প্ৰচাৰ কৰে আৰু কোনো প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত নহয় ।

(২) নিজৰ বিশ্বাসৰ ওপৰত ভিত্তি কৰি ক্ষতিকাৰক তথ্য বহুতে প্ৰচাৰ কৰে ।

(৩) ইচ্ছাকৃতভাৱে মানুহক ভয় খুৱাবলৈ প্ৰচাৰ কৰা ভুৱা তথ্য ।

(৪) দ্ৰুতগতিৰে দৃশ্যপট সলনি হোৱা পৰিস্থিতিত পুৰণি হৈ পৰা বা ভুল তথ্য ।

ভুৱা তথ্যৰ কবলত নপৰাকৈ কেনেদৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে ইয়াত কেইটামান উপায় দিয়া হ’ল । যেতিয়া আপুনি ফেচবুক-টুইটাৰত এটা পোষ্ট দেখিলে বা হোৱাটছএপত ফৰৱাৰ্ড কৰা মেছেজ লাভ কৰে তেতিয়া লগে লগে তলত দিয়া বিষয়সমূহ পৰীক্ষা কৰক-

উৎস :

যিকোনো তথ্যৰ প্ৰথমে উৎসটো বিশ্বাস্যোগ্য হয় নে নহয় পৰীক্ষা কৰক বা এই তথ্যৰ কিবা উৎস আছে নে নাই সেয়া নিশ্চিত হওক ।

লেখকগৰাকী নিৰ্দিষ্ট বিষয়টোৰ ক্ষেত্ৰত অভিজ্ঞ হয় নে নহয় সেয়া চাওক । তেওঁ পূৰ্বে এই বিষয়টোৰ ওপৰত লিখিছিলনে? পূৰ্বতে প্ৰকাশিত লেখাবোৰেও এই ক্ষেত্ৰত সহায় কৰিব পাৰে ।

আন বিশ্বাসযোগ্য উৎস যেনে—বাতৰিকাকত, টেলিভিশ্বন আৰু ৰেডিঅ’ৰ দ্বাৰা তথ্যখিনি পুনৰাই পৰীক্ষা কৰাওক ।

যদি আপুনি নিশ্চিত হ’ব নোৱাৰে তেতিয়া বিশেষজ্ঞক এই বিষয়ে সোধক । সেয়া আপুনি ছ’চিয়েল এপবোৰতে কৰিব পাৰিব ।

বাতৰিটোৰ মান :

• বাতৰিটো তথ্য নে মতামতৰ ওপৰত প্ৰতিষ্ঠিত সেয়া চাব লাগে ।

•বাতৰিটো বানান আৰু ব্যাকৰণ ভুলেৰে বেয়াকৈ পৰিৱেশন কৰা হৈছে নেকি? বাতৰিটো প্ৰস্তুত কৰোঁতে যে বেছি কষ্ট কৰা হোৱা নাই ইয়ে প্ৰমাণ দাঙি ধৰে ।

• বাতৰিটোত সবিশেষ তথ্য অবিহনে বা মানুহ, ঘটনাৰ স্থান আৰু সময়ৰ সবিশেষ উল্লেখ নথকাকৈ চাঞ্চল্যকৰ দাবী কৰা হৈছে নেকি তাৰ প্ৰতি নজৰ ৰাখক ।

• প্ৰেৰকৰ কন্ঠ আৰু সুৰৰ দিশটো গুৰুত্বপূৰ্ণ । এনেদৰে নিয়ন্ত্ৰিত বিশ্লেষণৰ সলনি অত্যধিক আৱেগক গুৰুত্ব দিয়া হৈছে নেকি তাৰ প্ৰতি গুৰুত্ব দিয়ক ।

প্ৰসংগ কি :

ভুৱা বাতৰিবোৰত সাধাৰণতে প্ৰমাণ, আগশাৰীৰ ৱেবছাইট আৰু প্ৰাসংগিক তথ্যৰ উল্লেখ নাথাকে । এই ক্ষেত্ৰত এটা নিয়ম পালন কৰিব লাগে—ব্যতিক্ৰমী দাবীৰ বাবে ব্যতিক্ৰমী প্ৰমাণৰ প্ৰয়োজন হয় । ই যিকোনো প্ৰসংগ বা তথ্যৰ বাহ্যিক উৎস বিশেষকৈ তথ্য আৰু সংখ্যা পৰীক্ষা কৰাত সহায় কৰে । যদি এটা প্ৰবন্ধত মৌলিক গৱেষণা দাঙি ধৰা হয় তেতিয়া দাবী আৰু তথ্যসমূহ পুনৰীক্ষণ কৰা হৈছে নে নাই তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব লাগে । লগতে ই পূৰ্বতে মুদ্ৰিত বা অপ্ৰকাশিত গৱেষণা পত্ৰৰ পৰা সংগৃহীত নেকি সেয়াও চাব লাগে ।

গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ দ্বাৰা এখন ফটো প্ৰকৃত নে ভুৱা সেয়া জানিব পাৰি । ইয়াৰ বাবে আপুনি গুগল ইমেজ চাৰ্ছ চাইটত গৈ ফটোখন আপলোড কৰাৰ লগে লগে অনুৰূপ ফটো থকা ৱেবচাইটসমূহ দেখা পোৱাৰ লগতে কি প্ৰসংগত ব্যৱহাৰ কৰা হৈছে সেয়া জানিবলৈ সক্ষম হ’ব । কেতিয়াবা গুগলৰ দৰে চাৰ্ছ ইঞ্জিনত লেখাখিনি কপি পেষ্ট কৰি বিচাৰিলেই বাতৰিটো সঁচা নে মিছা ওলাই পৰে । এনেদৰে চাৰ্ছ কৰিলে আপুনি লাভ কৰা তথ্যক নিশ্চিত কৰিব পৰা বা ভুৱা বুলি প্ৰমাণ কৰিব পৰা ৱেবছাইটসমূহ সকলো সময়তে নহ’লেও প্ৰায়ভাগ ক্ষেত্ৰতে দেখা পোৱা যায় । কিন্তু ইয়াৰ ফলত ভুৱা বাতৰি প্ৰচাৰ কৰা আন ৱেবছাইটসমূহকো দেখা পাব পাৰে । গতিকে সাৱধান হোৱাটো প্ৰয়োজন । ইয়াতকৈ উত্তম উপায় হ’ব তথ্য পৰীক্ষা কৰা চাইটসমূহ চোৱাটো । বাতৰি এটা সঁচা নে মিছা নিশ্চিত কৰিবলৈ বহুকেইটা ৱেবছাইট আছে । তাৰে ভিতৰত Altnews, Media Bias/FactCheck (MBFC News), PolitiFact, Snopes, FactCheck.org আৰু গুগল চাৰ্ছ উল্লেখ্যোগ্য ।

মূল্যান কৰক :

ওপৰত উল্লেখ কৰা সকলোবোৰ উপায় অৱলম্বন কৰি আৰু আপুনি সংগ্ৰহ কৰা সকলোবোৰ তথ্যৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট লেখাটো, ইমেইল, ফটো বা ভিডিঅ’টো বিশ্বাসযোগ্য নে সন্দেহজনক সেয়া আপুনি নিৰ্ধাৰণ কৰিব পাৰে । আপুনি প্ৰচাৰ কৰাৰ আগতে সদায় এবাৰ ভাবক আৰু যদি বাতৰিটো ভুৱা হয় এই বিষয়ে আপোনাক প্ৰেৰণ কৰাজনক জনাওক ।

লেখিকা : শ্ৰীদিব্যা মুকপালকাৰ

লেখিকাৰ বিষয়ে : লেখিকা এগৰাকী যোগাযোগ কৰ্মী আৰু পাব্লিক হেলথ্ ফাউণ্ডেশ্বন অৱ্ ইণ্ডিয়াত বৰ্তমান কৰ্মৰত । জনস্বাস্থ্যৰ উপৰি শিশুৰ ডিজিটেল জীৱন যাত্ৰা আৰু স্বাস্থ্য যোগাযোগৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে ।

লগতে পঢ়ক : COVID-19: আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস হীৰাৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.