ETV Bharat / bharat

ঔৰংগাবাদত নিৰ্বাচনী প্ৰচাৰত তেজস্বী যাদৱলৈ চেণ্ডেল নিক্ষেপ

author img

By

Published : Oct 21, 2020, 9:44 AM IST

আৰজেডি নেতা তেজস্বী যাদৱলৈ এক নিৰ্বাচনী প্ৰচাৰত চেণ্ডেল নিক্ষেপ ৷ বিহাৰৰ ঔৰংগাবাদ জিলাৰ কুটুম্বা বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ সময়ত সংঘটিত এই কাণ্ড ৷ আৰজেডি নেতাগৰাকী মঞ্চত বহি থকাৰ সময়তে উপস্থিত লোকৰ পৰা কোনো লোকে যাদৱলৈ চেণ্ডেল নিক্ষেপ কৰে ৷

আৰজেডি নেতা তেজস্বী যাদৱৰ নিৰ্বাচনী প্ৰচাৰ
ঔৰংগাবাদত নিৰ্বাচনী প্ৰচাৰত তেজস্বী যাদৱলৈ চেণ্ডেল নিক্ষেপ

নেশ্যনেল ডেস্ক, 21 অক্টোবৰ : আৰজেডি নেতা তেজস্বী যাদৱলৈ মঙলবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত চেণ্ডেল নিক্ষেপ কৰে ৷ বিহাৰৰ ঔৰংগাবাদ জিলাৰ কুটুম্বা বিধানসভা আসনৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ সময়তে সংঘটিত হয় এই কাণ্ড ৷ আৰজেডি নেতাগৰাকী মঞ্চত বহি থকাৰ সময়তে উপস্থিত লোকৰ পৰা কোনো লোকে যাদৱলৈ চেণ্ডেল নিক্ষেপ কৰে ৷

ঘটনাৰ এক ভিডিঅ' অনুসৰি, যাদৱলৈ নিক্ষেপ কৰা এপাত চেণ্ডেল লক্ষ্যভ্ৰষ্ট হয় যদিও আনপাত আহি তেওঁৰ হাতত পৰেহি ৷ যাদৱে মঞ্চত উঠাৰ লগে লগে দলৰ কৰ্মীসকলে তেওঁৰ সমৰ্থনত শ্ল'গান দিয়াৰ সময়তে এই ঘটনা সংঘটিত হয় ৷

সূত্ৰই কয় যে, ট্ৰাই চাইকেলত বহি থকা এজন শাৰীৰিকভাৱে অক্ষম লোকে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে ৷ ইয়াৰ পাচতে লোকজনক সেই স্থানৰ পৰা আঁতৰাই নিয়া হয় ৷ কিন্তু এই ঘটনাক লৈ কোনো কাৰণতে চিন্তিত হোৱা পৰিলক্ষিত নহ'ল তেজস্বী যাদৱক ৷

আৰজেডিৰ মুখাপাত্ৰ মৃত্যুঞ্জয় তিৱাৰীয়ে এই ঘটনাক সমলোচনা কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা নেতাসকলক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী কৰে ৷ বিৰোধী বৃহৎ মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বীয়ে কংগ্ৰেছ প্ৰাৰ্থী ৰাজেশ ৰামৰ বাবে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ ঔৰংগাবাদত উপস্থিত হৈছিল ৷ হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি জিতেন ৰাম মাঝীৰ পুত্ৰ সন্তোষ কুমাৰ সুমনৰ বিৰুদ্ধে প্ৰক্ষেপ কৰা হৈছে ৰাজেশ ৰামক ৷

উল্লেখ্য যে, বিহাৰত তিনিটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ 243 খনীয়া বিধানসভা আসনৰ বাবে ক্ৰমে 28 অক্টোবৰ, 3 নৱেম্বৰ আৰু 7 নৱেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ আনহাতে, ফলাফল ঘোষণা কৰা হ'ব 10 নৱেম্বৰত ৷

লগতে পঢ়ক : নিৰ্বাচনী ৰেলীত যোগ দিয়াৰ সিদ্ধান্ত মেলানিয়া ট্ৰাম্পৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.