নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ শুকুৰবাৰে জম্মু-কাশ্মীৰত পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখা তথা Loc ত সেনা বাহিনীয়ে নিষ্ক্ৰিয় কৰে ৬ টাকৈ মৰ্টাৰ চেল । পাকিস্তানী সেনা বাহিনীয়ে উক্ত স্থানত মৰ্টাৰ চেলকেইটা ৰখা বুলি প্ৰকাশ কৰে ভাৰতীয় সেনা বাহিনীয়ে ।
![জম্মু-কাশ্মীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6830210_446_6830210_1587122978343.png)
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলা আৰু ৰাজোৰী জিলাৰ LOC ত বিগত ১৩ দিন ধৰি পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰি গুলীবৰ্ষণ কৰি আহিছে বুলি জানিবলৈ দিয়ে সেনা বাহিনীয়ে ।
সেনা বাহিনীৰ ভাষ্য অনুসৰি, জম্মু-কাশ্মীৰৰ কৃষ্ণগতি, মেণ্ডৰ আৰু বালাকোট ছেক্টৰত পাকিস্তানী সেনাই মৰ্টাৰ চেল ৰাখিছিল বুলি সদৰী কৰে সেনা বাহিনীয়ে ।