নিউজ ডেস্ক, 1 ডিচেম্বৰ : মঙলাবৰে পুৱা মাংগালুৰুৰ ওচৰৰ আৰবীয়ান সাগৰত এখন নাও দুৰ্ঘটনা হোৱাৰ ফলত 6 গৰাকী মাছমৰীয়া সন্ধানহীন হৈছে ৷ জানিব পৰা মতে, নাওখনত 22 গৰাকী মাছমৰীয়া আছিল ৷
শেহতীয়া তথ্য অনুসৰি, 16 গৰাকী মাছমৰীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও এই পৰ্যন্ত 6 গৰাকী মাছমৰীয়া সন্ধানহীন হৈ আছে ৷
উল্লেখ্য যে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ চমুকৈ IMD য়ে মাছমৰীয়াসকলক 4 ডিচেম্বৰলৈ সাগৰলৈ নাযাবলৈ পৰামৰ্শ প্ৰদান কৰিছিল ৷ কিয়নো দেশৰ দক্ষিণ অঞ্চলৰ বিভিন্ন স্থানত প্ৰবল বৰষুণৰ ভৱিষ্যতবাণী কৰিছিল বতৰ বিজ্ঞান বিভাগে ৷
লগতে পঢ়ক : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ শীৰ্ষ বাতৰি