নিউজ ডেস্ক, 20 জুন: AN-32 ধ্বংসস্তুপৰ পৰা উদ্ধাৰ হল 6টা মৃতদেহ, 7 টা মৃতদেহৰ অৱশিষ্ট ৷ এই কথা বৃহস্পতিবাৰে জানিবলৈ দিয়ে উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷ বিমানখনৰ ব্লেক বক্স 9 জুনত উদ্ধাৰ হৈছিল যদিও ব্লেক বক্সটো ধ্বংস হৈছে ৷ দুৰ্ভগীয়া বিমানখন 3 জুনত নিৰুদ্দিষ্ট হোৱাৰ আঠ দিন পিছত আৰুণাচল প্ৰদেশৰ লিপুত 12000 ফুট উচ্চতাত Mi-17 হেলিকপ্তাৰে বিচাৰি উলিয়াইছিলে ৷
