ETV Bharat / bharat

নিয়ন্ত্ৰণত আছে ভাৰত-চীন সীমান্তৰ পৰিস্থিতি - নিয়ন্ত্ৰণত আছে ভাৰত-চীন সীমান্তৰ পৰিস্থিতি

আলোচনা মাধ্যমেৰে শীঘ্ৰে এই সমস্যা সমাধান কৰিব পৰা যাব বুলি আশা ব্যক্ত কৰে সেনা জেনেৰেল প্ৰধানগৰাকীয়ে ।

Situation along India-China border under control: Army Chief General

author img

By

Published : Jun 13, 2020, 1:32 PM IST

ডেৰাডুন, ১৩ জুন : ভাৰত-চীন সীমান্তত নিয়ন্ত্ৰণত আছে পৰিস্থিতি । এই সন্দৰ্ভত অনুষ্ঠিত হৈছে কেইবাখনো বৈঠক । শনিবাৰে সেনা জেনেৰেল প্ৰধান এমএম নৰভানে প্ৰকাশ কৰে এই কথা ।

এমএম নৰভানে আলোচনা মাধ্যমেৰে শীঘ্ৰে এই সমস্যা সমাধান কৰিব পৰা যাব বুলি আশা ব্যক্ত কৰে । তেঁও এই বিষয়ত শুকুৰবাৰে ভাৰতীয় আৰু চীনা সেনাবাহিনীৰ শীৰ্ষ নেতৃত্বৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে ।

উল্লেখ্য যে, বিগত সময়ত লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সেনাবাহিনীৰ মাজত চৰম সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছিল । দুই দেশৰ সৈনিকৰ মাজত হতাহতি, শিলাবৰ্ষণ পৰ্যন্ত হৈছিল । অধিক শোচনীয় পৰিস্থিতিৰ বাবেও সাজু হৈছিল দুয়োখন দেশ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.