ETV Bharat / bharat

ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পৰিস্থিতি অতি গুৰুতৰঃ নাৰাভানে - ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা শেহতীয়া বাতৰি

লেহত উপস্থিত হোৱাৰ পিছতে মই বিভিন্ন বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছো ৷ মই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছো ৷ জোৱানসকলৰ মনোবল অতি উচ্চ আৰু তেঁওলোক সকলো পৰিস্থিতিৰে মুখামুখী হোৱাৰ বাবে প্ৰস্তুত ৷’- সেনা প্ৰধান এম.এম.নাৰাভানে

Situation along China border serious, Indian Army taken ample precautionary steps: Army Chief MM Naravane
ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পৰিস্থিতি অতি গুৰুতৰঃ সেনা প্ৰধান এম.এম.নাৰাভানে
author img

By

Published : Sep 4, 2020, 1:59 PM IST

নেশ্যনেল ডেক্স, 4 চেপ্তেম্বৰঃ লেহত ভাৰত-চীন সীমান্তত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বুজ লোৱাৰ বাবে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে লেহত উপস্থিত হৈছে সেনা প্ৰধান এম.এম.নাৰাভানে ৷ শুকুৰবাৰে এই সন্দৰ্ভত মন্তব্য কৰি সেনাপ্ৰধান গৰাকীয়ে কয় যে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পৰিস্থিতি অতি গুৰুতৰ ৷ এইক্ষেত্ৰত ভাৰতীয় সেনাৰ দ্বাৰা গ্ৰহণ কৰা সতৰ্কতামূলক পদক্ষেপে পৰিস্থিতি নিয়ন্ত্ৰিত কৰি ৰখাত সহায় কৰিব ৷

নাৰাভানে কয় ,‘লেহত উপস্থিত হোৱাৰ পিছতে মই বিভিন্ন বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছো ৷ মই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছো ৷ জোৱানসকলৰ মনোবল অতি উচ্চ আৰু তেঁওলোক সকলো পৰিস্থিতিৰে মুখামুখী হোৱাৰ বাবে প্ৰস্তুত ৷’ ৷

তেখেতে আৰু কয় যে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পৰিস্থিতি সম্প্ৰতি কিছু স্পৰ্শকাতৰ আৰু গম্ভীৰ ৷ কিন্তু আমি এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰি আছো ৷ আমাৰ সুৰক্ষাৰ বাবে আমি কিছুমান সতৰ্কতামূলক পদক্ষেপে গ্ৰহণ কৰিছো ৷ আৰু আমি এইটোও নিশ্চিত কৰিছো যে এইক্ষেত্ৰত পৰিস্থিতি সলনি নহওক ৷ আমি পদক্ষেপ গ্ৰহণ কৰিছো আৰু আমি আমাক সহায় কৰিম ৷

ইতিমধ্যে 29 আৰু 30 আগষ্টৰ নিশা লাডাখৰ চুচুলৰ প্যাংগং ছোৰ দক্ষিণ পাৰত চীনা সৈন্যৰ আগ্ৰাসনৰ প্ৰচেষ্টাক ভাৰতীয় সেনাই বিফল কৰাৰ পিছতেই ভাৰত আৰু চীনৰ মাজত ব্ৰিগেডিয়াৰ স্তৰৰ আলোচনা অনুষ্ঠিত কৰা হৈছে ৷

এপ্ৰিল-মে’ মাহৰ পৰাই ফিংগাৰ অঞ্চল, গালৱান উপত্যকা, হট স্প্ৰিং, কংগ্ৰুং নালা আদি অঞ্চলত চীনা সৈন্যৰ অগ্ৰাসনক বিৰুদ্ধে দুয়ো দেশে নিজস্ব প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ পিছতে গালৱান উপত্যকাত দুয়ো দেশৰ সেনাৰ মাজত হোৱা সংঘৰ্ষত 20 জনকৈ ভাৰতীয় সৈন্য নিহত হোৱাৰ পিছতে পৰিস্থিতি আৰু অধিক অবনমিত হয় ৷

বৰ্তমানলৈকে সীমান্তত পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে কেইবাবাৰো দুয়ো দেশৰ শীৰ্ষ প্ৰতিৰক্ষা বিষয়াসকল আলোচনাত মিলিত হৈছে যদিও আজি পৰ্যন্ত কোনো নিৰ্দিষ্ট সিদ্ধান্তত উপস্থিত হ’বলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক-গান্ধী পৰিয়ালৰ সদস্য এগৰাকীয়েই কংগ্ৰেছৰ নেতৃত্ব বহন কৰা উচিত : মণি শংকৰ আয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.