নিউজ ডেস্ক,23জুলাইঃ বিহাৰৰ পাটনাৰ বালাকুন্দিৰি গাঁৱত বুধবাৰে এক মৰ্মান্তিক ঘটনা সংঘটিত হয় ৷ ভাতৃৰ মৃত্যুৰ সংবাদ পাই দুয়োগৰাকী ভগ্নীয়েও মৃত্যুক সাৱটি লয় ৷ জানিব পৰা মতে মাজিদ জামাদাৰ নামৰ 65 বছৰীয়া ব্যক্তিজনৰ বেলগাভি জিলা চিকিৎসালয়াত বুধবাৰে মৃত্যু হৈছিল ৷
ভাতৃৰ মৃত্যুৰ সংবাদ পাই দুগৰাকী ভগ্নী হুচানিবি(68) আৰু চাৰা চান্দিৰ(66) ৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকী ভগ্নীয়ে কাকটি গাঁৱৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনাটিক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে ৷
লগতে পঢ়কঃ বাঘজানৰ বিস্ফোৰণঃ 3 বিদেশী বিশেষজ্ঞ আহত