তেজপুৰ,২৬ জুন : লাডাখ সীমান্তৰ গালৱান চেক্টৰত চীনা সেনাৰ হাতত নিহত হোৱা ২০ গৰাকী বীৰ শ্বহীদক ছিক্কিম চৰকাৰে জনালে শ্ৰদ্ধাঞ্জলি। বৃস্পতিবাৰে বিয়লি ছিক্কিমৰ ৰাজ্যপাল গঙ্গা প্ৰসাদ, মুখ্যমন্ত্ৰী প্ৰেম সিং টামাং, বিধান সভাৰ অধ্যক্ষ, মন্ত্ৰী পৰিষদৰ সদস্য সকল, ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি বহুকেইগৰাকী শীৰ্ষ বিষয়াই চৰকাৰী ভাবে এইসকল বীৰ জোৱানক জনালে শ্ৰদ্ধাঞ্জলি ।

সম্পূৰ্ণ সামৰিক মৰ্যদাৰে ৰাজ্যখনে সুঁৱৰিলে দেশ মাতৃৰ বাবে জীৱন আহুতি দিয়া এইসকল বীৰ শ্বহীদক ।

ছিক্কিমৰ ৰাজ্যপালে শ্ৰদ্ধাঞ্জলি অনুস্থানটোত ৰখা বক্তব্যত উল্লেখ কৰে যে, আন্তঃৰাষ্ট্ৰীয় শত্ৰুৰ লগত ভাৰতীয় সেনাৰ এয়া এক বৃহৎ অৱদান আৰু দেশৰ এনে সন্ধি ক্ষণত ছিক্কিমৰ প্ৰতিগৰাকী লোক ভাৰতীয় সেনাৰ লগত থাকি সহায়ৰ হাত আগবঢ়াবৰ বাবে প্ৰস্তুত । ছিক্কিমৰ ৰাজধানী গেংটকত চৰকাৰী ভাবে আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুস্থানত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে সীমান্তত নিহত হোৱা প্ৰতিগৰাকী বীৰ শ্বহীদৰ পৰিয়াললৈ ১ লাখ টকাকৈ অনুদান আগবঢ়োৱাৰ কথাও উল্লেখ কৰে ।
লগতে পঢ়ক : গুৱাহাটীত পুনৰ লক্ ডাউন : পূৰ্বতকৈ কঠোৰ হ'ব নীতি-নিৰ্দেশনা