ETV Bharat / bharat

নিৰাপত্তা বাহিনীৰ নাটনি হিংসা বিয়পোৱাৰ মুল কাৰণঃদিল্লী আৰক্ষী - Shortage of forces led to violence aggravating: Delhi Police to MHA Bharat news etv bharat news

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক দিল্লী আৰক্ষীয়ে প্ৰদান কৰা প্ৰতিবেদন অনুসৰি,দিল্লী আৰক্ষীত এতিয়াও জোৱানৰ নাটনি হৈ আছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনাত এই কথা উল্লেখ কৰে দিল্লীৰ আৰক্ষী আয়ুক্ত অমূল্য পাটনায়কে ৷

Shortage of forces led to violence aggravating: Delhi Police to MHA Bharat news etv bharat news
জোৱানৰ নাটনি
author img

By

Published : Feb 25, 2020, 11:10 PM IST

নতুন দিল্লী,25 ফেব্ৰুৱাৰীঃ নতুন দিল্লীত সংঘটিত হোৱা ব্যাপক হিংসাৰ পিচতেই দিল্লী আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক জনোৱা অনুসৰি,দিল্লী আৰক্ষীত এতিয়াও আছে নাটনি ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনাত এই কথা উল্লেখ কৰে দিল্লীৰ আৰক্ষী আয়ুক্ত অমূল্য পাটনায়কে ৷ উত্তৰ-পূৱ দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনা তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী আৰক্ষীত নাছিল পৰ্যাপ্ত শক্তি ৷ যাৰ বাবেই পৰিস্থিতি অধিক জটিলতৰ হৈ পৰে ৷ ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী আৰক্ষীৰ সশস্ত্ৰ শাখাৰ বেটেলিয়নৰ প্ৰায় 1000 জোৱান নিয়োগ কৰা হৈছে ৷

আন এগৰাকী বিষয়াই সদৰী কৰা অনুসৰি,দিল্লী আৰক্ষীক সহযোগ কৰিবলৈ কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীৰ 35টা কোম্পানী নিয়োগ কৰা হৈছে ৷ ইয়াৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভ্ৰমণৰ বাবে 20টা কোম্পানী নিয়োগ কৰা হৈছিল ৷ দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত দিল্লী আৰক্ষীৰ এগৰাকী মুখ্য কনিষ্টবলকে ধৰি সৰ্বমুঠ 13গৰাকী লোক নিহত হৈছে আৰু 150ৰো অধিক লোক আহত হৈছে ৷

লগত চাওকঃদিল্লীত আৰক্ষীৰে সংঘৰ্ষত নিহতৰ সংখ্যা 13 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.