ETV Bharat / bharat

সমাজবাদী পাৰ্টীৰে মিত্ৰজোঁট গঠনৰ ইংগিত শিৱপাল যাদৱৰ - প্ৰগতিশীল সমাজবাদী পাৰ্টী (লোহিয়া)

2022 উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপি দলক পৰাস্ত কৰিবৰ বাবে সমাজবাদী পাৰ্টীৰে মিত্ৰজোঁট গঠন সম্ভাৱনা আছে প্ৰগতিশীল সমাজবাদী পাৰ্টীৰ ৷ এই মন্তব্য প্ৰগতিশীল সমাজবাদী পাৰ্টীৰ (লোহিয়া) মুৰব্বী শিৱপাল যাদৱৰ ৷

সমাজবাদী পাৰ্টীৰে মিত্ৰজোঁট গঠনৰ ইংগিত শিৱপাল যাদৱৰ
শিৱপাল যাদৱ
author img

By

Published : Nov 20, 2020, 10:45 AM IST

নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ : প্ৰগতিশীল সমাজবাদী পাৰ্টীৰ (লোহিয়া) মুৰব্বী শিৱপাল যাদৱে মন্তব্য কৰিছে যে, 2022 বিধানসভা নিৰ্বাচনত বিজেপি দলক পৰাস্ত কৰিবৰ বাবে সমাজবাদী পাৰ্টীৰ সৈতে মিত্ৰজোঁট গঠন কৰিব ৷

বৃহস্পতিবাৰে শিৱপাল যাদৱে সাংবাদিকক কয়, "2022 উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপি দলক পৰাস্ত কৰিবৰ বাবে আমি সমাজবাদী পাৰ্টীৰ সৈতে মিত্ৰজোঁট গঠন কৰিম ৷ বৰ্তমান আমি সমাজবাদী পাৰ্টীৰ সৈতে মিত্ৰজোঁট গঠন কৰাৰ ওপৰত প্ৰাধান্যতা দিছো ৷ ৰাজ্যৰ অন্য দলসমূহৰ সৈতেও আমি আলোচনা কৰিম ৷"

তেওঁ কয় যে, বিজেপিয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰ পূৰ নকৰিলে ৷ আগন্তুক নিৰ্বাচনৰ বাবে সমাজবাদী পাৰ্টীয়ে কোনো দলৰ সৈতে মিত্ৰজোঁট স্থাপন নকৰে কিন্তু সৰু দলসমূহৰ সৈতে সম্পৰ্ক স্থাপন কৰিব বুলি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলেশ যাদৱে মন্তব্য কৰাৰ পাচতে এনেদৰে মন্তব্য আগবঢ়ায় শিৱপাল যাদৱে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশ : পথ দুৰ্ঘটনাত নিহত 14 বিবাহযাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.