ETV Bharat / bharat

তাজমহলত পূজা কৰাৰ হুংকাৰ শিৱসেনাৰ - বীনু লৱানিয়া

আগ্ৰাৰ শিৱসেনাৰ অধ্যক্ষ বীনু লৱানিয়াই যোৱা 17 জুলাইত ঘোষণা কৰিছিল যে তেওঁলোকে তাজমহলত আৰতি কৰিব আৰু যদি সাহস আছে আৰক্ষী প্ৰশাসন অথবা জিলা প্ৰশাসনে তেওঁলোকক বাধা দি দেখুৱাওক৷

তাজমহলত আগবঢ়োৱা হ'ব পূজা
author img

By

Published : Jul 21, 2019, 7:55 AM IST

নিউজ ডেস্ক ২২ জুলাইঃ শিৱসেনাৰ ভাবুকিৰ ফলত আগ্ৰা প্ৰশাসনে ভাৰতীয় পুৰাতত্ব বিভাগৰ তাজমহলক লৈ জনোৱা অতিৰিক্ত নিৰাপত্তা প্ৰদানৰ অনুৰোধক অনুমতি প্ৰদান কৰিছে ৷ ভাৰতীয় পুৰাতত্ব বিভাগে জিলা প্ৰশাসনলৈ লিখা এখন পত্ৰত উল্লেখ কৰিছে যে পুৰণি স্মাৰক আৰু কীৰ্তিস্থলসমূহত বিশেষ অধিনিয়ম 1958 ৰ অধীনত কোনো ধৰণৰ ধাৰ্মিক কৰ্ম আৰম্ভ কৰা বা কোনো নতুন ৰীতি-নীতি আৰম্ভ কৰিলে এই অধিনিয়মৰ উলংঘা হ'ব৷

আগ্ৰাৰ শিৱসেনাৰ অধ্যক্ষ বীনু লৱানিয়াই যোৱা 17 জুলাইত ঘোষণা কৰিছিল যে তেওঁলোকে তাজমহলত আৰতি কৰিব আৰু যদি সাহস আছে আৰক্ষী প্ৰশাসন অথবা জিলা প্ৰশাসনে তেওঁলোকক বাধা দি দেখুৱাওক ৷ লগতে তেওঁ মন্তব্য কৰে যে তাজমহল কোনো ধৰণৰ স্মৃতি সৌধ নহয়, তেজী মহালয় হয়, যি ভগৱান শিৱৰ মন্দিৰ ৷ লৱানিয়াই সংবাদ মাধ্যমক কয় যে তেওঁলোকে প্ৰতি সোমবাৰে তেজী মহালয়ত আৰতি কৰিব ৷ ইপিনে আগ্ৰা মণ্ডলৰ পুৰাতত্ব বিভাগৰ পুৰাতত্ববিদ বসন্ত স্বৰ্ণকাৰ সংবাদ মাধ্যমৰ আগত কয় যে তাজমহলত কেতিয়াও কোনোধৰণৰ পূজা অনুষ্ঠিত হোৱা নাই ৷ লগতে তেওঁ তাজমহলত উচিত সুৰক্ষা ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক অনুৰোধ কৰে ৷ উল্লেখ্য যে তাজমহলত পূজা কৰাক লৈ এয়াই প্ৰথম ঘোষণা নহয়, ইয়াৰ পূৰ্বেও বিগত বৰ্ষত মহিলা সমাজে তাজমহলৰ পৰিসৰত মছজিদৰ ভিতৰত পূজা আগবঢ়াইছিল, যাতে তেওঁলোকে প্ৰমাণ কৰিব পাৰে যে স্মৃতি সৌধটো মূল ৰূপত শিৱ মন্দিৰ আছিল৷

Shiv Sena thretens to perform puja in Tajmahal, administrtaion sets up security

শিৱসেনাৰ ভাবুকিঃ তাজমহলত আগবঢ়োৱা হ'ব পূজা

আগ্ৰাৰ শিৱসেনাৰ অধ্যক্ষ বীনু লৱানিয়াই যোৱা 17 জুলাইত ঘোষণা কৰিছিল যে  তেওঁলোকে তাজমহলত আৰতি কৰিব আৰু যদি সাহস আছে আৰক্ষী প্ৰশাসন অথবা জিলা প্ৰশাসনে বাধা দি দেখুৱাওক৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.