ETV Bharat / bharat

ৰাম জন্মভূমি ন্যাসৰ প্ৰমুখ নৃত্য গোপাল দাস কৰ'ণাত আক্ৰান্ত, শিৱ সেনাৰ প্ৰতিক্ৰিয়া

ৰাম জন্মভূমি ন্যাসৰ প্ৰমুখ নৃত্য গোপাল দাস মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত ৷ 5 আগষ্টত অযোধ্যাত 175 গৰাকী অতিথিৰ সৈতে একেলগে অংশগ্ৰহণ কৰিছিল তেওঁ ৷ শিৱ সেনাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Shiv Sena questions quarantine rules regardin
ৰাম জন্মভূমি ন্যাসৰ প্ৰমুখ নৃত্য গোপাল দাস কৰ'ণাত আক্ৰান্ত, শিৱ সেনাৰ প্ৰতিক্ৰীয়া
author img

By

Published : Aug 16, 2020, 4:40 PM IST

নিউজ ডেস্ক, 16 আগষ্ট : দেশত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰশাসন তথা স্বাস্থ্য বিভাগ সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণাৰ গণ সংক্ৰমণ ৷

শেহতীয়াকৈ ৰাম জন্মভূমি ন্যাসৰ প্ৰমুখ নৃত্য গোপাল দাস মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিচতে শিৱসেনাৰ মুখপাত্ৰ গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ বহুতো প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

শিৱ সেনাই দাবী কৰা অনুসৰি, ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনা 75 বছৰীয়া লোকজনে উক্ত অনুষ্ঠানত উপস্থিত থকাৰ সময়ত মাক্স বা চৰকাৰী নীতি-নিয়ম পালন কৰা নাছিল ৷ সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে RSS ৰ প্ৰমুখ মোহন ভাগৱত মহন্তকে আদি কৰি আন লোক সকলৰ সংস্পৰ্শলৈ আহিছিল ৷ গতিকে, তেনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী গৰাকীকো কোৱাৰেন্টাইন হ'বলৈ দাবী জনাইছে শিৱ সেনাই ৷

উল্লেখ্য যে, 5 আগষ্টত নৃত্য গোপাল দাস অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিছিল ৷ যি অনুষ্ঠানত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, RSS ৰ প্ৰমুখ মোহন ভাগৱত আৰু অন্য লোকৰ সৈতে মঞ্চত একেলগে উপস্থিত আছিল ৷ উক্ত অনুষ্ঠানত 175 গৰাকী অতিথিয়ে অংশগ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.