ETV Bharat / bharat

মেঘালয়ত অব্যাহত সান্ধ্য আইন,বন্ধ ইণ্টাৰনেট সেৱা

author img

By

Published : Feb 29, 2020, 9:20 PM IST

Updated : Mar 1, 2020, 12:35 AM IST

মুখ্যমন্ত্ৰী চাংমাৰ ঘোষণা: মেঘালয়ত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি ৰখাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত চৰকাৰৰ ৷ হিংসাত্মক ঘটনাত মৃত্যু হোৱা পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকাকৈ অনুদান ৷

Shillong, the government have decided to continue the indefinite curfew
মেঘালয়ত অব্যাহত সান্ধ্য আইন ,বন্ধ ইণ্টাৰনেট সেৱা

নেশ্যনেল ডেস্ক,29 ফেব্ৰুৱাৰী: মেঘালয়ত অনিদিৰ্ষ্টকালীন সান্ধ্য আইন জাৰি থকাৰ লগতে বন্ধ থাকিব ইণ্টাৰনেট সেৱা ৷ মেঘালয়ৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে চৰকাৰে নতুন সিদ্ধান্তত নহা লৈ সান্ধ্য জাৰি ৰখাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লয় মেঘালয় চৰকাৰে ৷ মেঘালয়ত নাগিৰকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক কেন্দ্ৰ কৰি পূব খাছী পাহাৰ জিলাত জনজাতি আৰু অজনজাতি লোকৰ মাজত চলা হিংসাত্মক সংঘৰ্ষৰ লগতে সংঘৰ্ষত খাছী ছাত্ৰ সন্থাৰ নেতা এজনৰ মৃত্যু ঘটনাৰ বাবে শুকুৰবাৰে নেশ্যনেল পিপলছ পাৰ্টী(NPP) নেতৃত্বাধীন চৰকাৰখনে মুঠ 6 খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাৰ লগতে ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলত সান্ধ্য আইন জাৰি কৰিছিল ৷

Shillong, the government have decided to continue the indefinite curfew
মেঘালয়ত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি ৰখাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

শনিবাৰে পুৱা মেঘালয় মুখ্যমন্ত্ৰী ক'নৰাড কে চাংমাই শীৰ্ষ আৰক্ষী বিষয়া আৰু প্ৰশাসনিক বিষয়াৰ সৈতে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয় আৰু ৰাজ্যৰ জনসাধাৰণক সাম্প্ৰদায়িক সদ্ভাৱ বাহাল ৰাখিবৰ আহ্বান জনাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," আজি ৰাজ্যখনৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত পৰ্যবেক্ষণ কৰিলো ৷ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত যদিও ছিলঙৰ কিছু অঞ্চল এতিয়াও উত্তেজনামূলক হৈ আছে ৷ আৰু এতিয়ালৈ হিংসাত্মক কাৰ্যত জড়িত গোচৰৰ আধাৰত মুঠ 8 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷" লগতে কয় যে পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিলেও বৰ্তমানেও কিছু অঞ্চলত চলি থকা উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি সান্ধ্য আইন জাৰি ৰখাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ৷

মেঘালয়ত অনিদিৰ্ষ্টকালীন সান্ধ্য আইন জাৰি থকাৰ লগতে বন্ধ থাকিব ইণ্টাৰনেট সেৱা

আনহাতে,শুকুৰবাৰে সংঘটিত হিংসাত্মক ঘটনাত মৃত্যু হোৱা পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকাকৈ অনুদান আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে হিংসাত্মক ঘটনা সন্দৰ্ভত চৰকাৰে দণ্ডাধীশক পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে বুলিও জানিবলৈ দিয়ে ৷

উল্লেখ্য যে মেঘালয় চৰকাৰে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি সন্মুখীন হ'লে জনসাধাৰণৰ সহায়ৰ বাবে এটা ট'ল ফ্ৰী নম্বৰ মুকলি কৰিছে ৷ ট'ল ফ্ৰী নম্বৰটো 18003453846 ৷

ট'ল ফ্ৰী নম্বৰ মুকলি

লগতে পঢ়কঃ নিৰ্ভয়া কাণ্ড : সোমবাৰে উচ্চতম ন্যায়লয়ত দোষী পৱন গুপ্তাৰ আবেদনৰ শুনানি

Last Updated : Mar 1, 2020, 12:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.