ETV Bharat / bharat

জিন্নাক কংগ্ৰেছৰ সদস্য আখ্যা সত্ৰুঘন সিনহাৰ

বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন একালৰ অভিনেতা, বৰ্তমানৰ নেতা সত্ৰুঘন সিনহা ৷ মহম্মদ আলী জিন্নাক কংগ্ৰেছ পৰিয়ালৰ সদস্যৰূপে আখ্যা দি বিতৰ্কৰ আৱৰ্তত সিনহা ৷

author img

By

Published : Apr 28, 2019, 10:24 AM IST

জিন্নাক কংগ্ৰেছৰ সদস্য আখ্যা সত্ৰুঘ্ন সিন্হাৰ

ভূপাল, ২৮ এপ্ৰিলঃ বিতৰ্কত অভিনেতাৰ পৰা নেতা হোৱা শত্ৰুঘন সিনহা ৷ মহম্মদ আলী জিন্নাক কংগ্ৰেছ পৰিয়ালৰ সদস্যৰূপে আখ্যা দি বিতৰ্কৰ মাজত সোমাই পৰিছে শাসকীয় বিজেপি দল এৰি কংগ্ৰেছত যোগদান কৰা অভিনেতা সত্ৰুঘন সিনহা । মধ্যপ্ৰদেশৰ চিন্দীৱাড়া সমষ্টিত কমল নাথৰ পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এই মন্তব্য কৰে সিনহাই । অৱশ্যে, এই মন্তব্যৰ বাবে পৰৱৰ্তী সময়ত ভুল স্বীকাৰ কৰি ৰাইজৰ ওচৰত ক্ষমা বিচাৰে নেতাগৰাকীয়ে । আচলতে তেওঁ মৌলানা আজাদৰ নামহে ক'ব বিচাৰিছিল কিন্তু ভুলতে জিন্নাৰ নাম প্ৰকাশ কৰা বুলি উল্লেখ কৰি ক্ষমা খোজে অভিনেতা তথা নেতাগৰাকীয়ে ।

উল্লেখ্য যে, মধ্যপ্ৰদেশৰ মুখমন্ত্ৰী কমল নাথৰ পুত্ৰ নকুল নাথৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰত শত্ৰুঘন সিনহাই মহাত্মা গান্ধী, চৰ্ডাৰ বল্লভ ভাই পাটেল, নেতাজী সুভাষ চন্দ্ৰ বসুয়ে কংগ্ৰেছ পৰিয়ালৰ সদস্য হিচাপে দেশৰ স্বাধীনতাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰিছিল ।

Shatrughan Sinha calls Jinnah part of Congress family, reveals why he left BJP  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.