ETV Bharat / bharat

এন আৰ চি সন্দৰ্ভত চৰকাৰক সমালোচনা শশী থাৰুৰৰ

এন আৰ চি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক সমালোচনা শশী থাৰুৰৰ । এন আৰ চিৰ বাবেই অসমত ৫৭ জনকৈ লোকে আত্মহত্যা কৰা বুলি মন্তব্য থাৰুৰৰ ।

শশী থাৰুৰ
author img

By

Published : Jul 19, 2019, 9:33 PM IST

নেশ্বনেল ডেস্ক, ১৯ জুলাই : শুকুৰবাৰে কংগ্ৰেছ সাংসদ শশী থাৰুৰে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি বিষয়টো লোকসভাৰ মজিয়াত উত্থাপন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা আগবঢ়ায় । লোকসভাৰ মজিয়াত মানৱ অধিকাৰ সুৰক্ষা বিল উত্থাপন হোৱাৰ অলপ পাছতে কেন্দ্ৰীয় চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে সাংসদ গৰাকী । এন আৰ চিত নাম সন্নিবিষ্ট নোহোৱাৰ বাবে ৫৭ জনকৈ লোকে আত্মহত্যাৰ পন্থা অৱলম্বন কৰিব লগা হোৱাৰ লগতে চৰকাৰক কটাক্ষ কৰি কয় যে, এই ৫৭ জনৰে বহু কেইজন হিন্দু ধৰ্মাৱলম্বী আছিল । ইয়াৰোপৰি, তেওঁ ইণ্ডিৰা জয়সিং আৰু আনন্দ গ্ৰ'ভাৰ নামৰ উকীল দুজনক আৰক্ষীয়ে আটকাধীন কৰা সন্দৰ্ভতো চৰকাৰক আক্ৰমণ কৰে ।

ETV BHARAT ASSAM
শশী থাৰুৰ

তিনিবাৰৰ সাংসদ শশী থাৰুৰে সমাজকৰ্মী সুধা ভৰদ্বাজক আটক কৰাৰ বিষয়টো লোকসভাত উত্থাপন কৰে । লগতে চৰকাৰক প্ৰশ্ন কৰে যে, মূল অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া চৰকাৰে সুধা ভৰদ্বাজৰ দৰে এগৰাকী সমাজকৰ্মীক আটক কৰাৰ চক্ৰান্ত চলাইছে । হাৱাৰ্ড আইন স্কুলে ভৰদ্বাজৰ দৰে মহিলাক সন্মান প্ৰদৰ্শন কৰাৰ সময়তে ভাৰতীয় চৰকাৰে আটক কৰাৰহে পৰিকল্পনা কৰিছে বুলি কটাক্ষ কৰে তেওঁ ।

উল্লেখ্য যে, গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে মানৱ অধিকাৰ সুৰক্ষা বিল, ২০১৯ সংসদত উত্থাপন কৰে ।

SHASHI THAROOR SLAMS GOVT ON NRC ISSUE

এন আৰ চি সন্দৰ্ভত চৰকাৰক সমালোচনা শশী থাৰুৰৰ

নেশ্বনেল ডেস্ক, ১৯ জুলাই : শুকুৰবাৰে কংগ্ৰেছ সাংসদ শশী থাৰুৰে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি বিষয়টো লোকসভাৰ মজিয়াত উত্থাপন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা আগবঢ়ায় । লোকসভাৰ মজিয়াত মানৱ অধিকাৰ সুৰক্ষা বিল উত্থাপন হোৱাৰ অলপ পাছতে কেন্দ্ৰীয় চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে সাংসদ গৰাকী । এন আৰ চিত নাম সন্নিবিষ্ট নোহোৱাৰ বাবে ৫৭ জনকৈ লোকে আত্মহত্যাৰ পন্ঠা অৱলম্বণ কৰিব লগা হোৱাৰ লগতে চৰকাৰক কটাক্ষ কৰি কয় যে, এই ৫৭ জনৰে বহু কেইজন হিন্দু ধৰ্মাৱলম্বী আছিল । ইয়াৰোপৰি, তেওঁ ইণ্ডিৰা জয়সিং আৰু আনন্দ গ্ৰ'ভাৰ নামৰ উকীল দুজনক আৰক্ষীয়ে আটকাধীন কৰা সন্দৰ্ভতো চৰকাৰক আক্ৰমণ কৰে ।

তিনিবাৰৰ সাংসদ শশী থাৰুৰে সমাজকৰ্মী সুধা ভৰদ্বাজক আটক কৰাৰ বিষয়টো লোকসভাত উত্থাপন কৰে । লগতে চৰকাৰক প্ৰশ্ন কৰে যে, মূল অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া চৰকাৰে সুধা ভৰদ্বাজৰ দৰে এগৰাকী সমাজকৰ্মীক আটক কৰাৰ চক্ৰান্ত চলাইছে । হাৱাৰ্ড আইন স্কুলে ভৰদ্বাজৰ দৰে মহিলাক সন্মান প্ৰদৰ্শন কৰাৰ সময়তে ভাৰতীয় চৰকাৰে আটক কৰাৰহে পৰিকল্পনা কৰিছে বুলি কটাক্ষ কৰে তেওঁ ।

উল্লেখ্য যে, গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে মানৱ অধিকাৰ সুৰক্ষা বিল, ২০১৯ সংসদত উত্থাপন কৰে । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.