চীনৰ ৱুহানত উদ্ভৱ হোৱা ভয়ংকৰ কৰ’ণা ভাইৰাছে ইতিমধ্যে ২১০ খন দেশ আৰু টেৰিটৰীত ১ লাখ ৫০ হাজাৰতকৈ অধিক লোকৰ প্ৰাণ কাঢ়িছে । তাৰ পাছতো এই দুৰ্যোগ অন্ত পৰাৰ কোনো লক্ষণ দেখা নাই বা প্ৰতিষেধক আৰু চিকিৎসা ওলোৱা নাই । প্ৰকৃততে প্ৰতিখন দেশে আগত কি আছে তাৰ স্পষ্ট ধাৰণা নোহোৱাকৈয়ে সমাধানৰ বাবে হাহাকাৰ কৰি আছে। ইজৰাইল,কোৰিয়া,জাৰ্মানী,ভাৰত,ছিংগাপুৰ আৰু জাপানকে ধৰি কিছুসংখ্যক ৰাজ্যই সক্ৰিয়তাৰে এই বিভীষিকা নিয়ন্ত্ৰণ কৰি বহু পৰিমাণে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে । ৰহস্যজনকভাৱে চহকী জি-৭ দেশসমূহ আটাইতকৈ বিপৰ্যস্ত হৈ পৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰত কোনোবা এটা দিনতে মৃত্যুৰ সংখ্যা দুহাজাৰতকৈ অধিক হৈ পৰে ।
চীনত ভাইৰাছ উদ্ভৱ হোৱাৰ এয়াই প্ৰথম ঘটনা নহয় । চীনে সত্যবোৰ লুকুৱাই ৰখাটোও অস্বাভাৱিক নহয় । দায়িত্ব অস্বীকাৰ কৰাৰ বাবে চীনৰ ধৃষ্টতা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ভাল চৰিত্ৰৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ বাবে চেষ্টাহে নতুন । তেনেদৰে যেতিয়া ক’ভিড-১৯ টাইম বোমাটোত বেইজিঙে কাটা ঠিক কৰিছিল তেতিয়া পৃথিৱীখনত স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত আছিল। কোনেও ভবা নাছিল যে এদিন তেওঁলোকৰ চহৰ-মহানগৰক অতিমাৰীয়ে গ্ৰাস কৰিব ।
পৃথিৱীখনে অসহায়ভাৱে আজি ধ্বংসযজ্ঞ চাই থাকিবলগীয়া হৈছে । হঠাতে পশ্চিমীয়া দেশসমূহত ঔষধ বা চিকিৎসাজনিত সামগ্ৰীৰ ক্ষেত্ৰত চীনৰ পৰা আমদানিৰ প্ৰয়োজনীয়তা ৯৫ শতাংশ পৰ্যন্ত বৃদ্ধি পায়। এই সামগ্ৰীবোৰৰ ভিতৰত ফেচ মাস্ক,গ্লোভছ্ বা ভেন্টিলেটৰেই নহয়,পেৰাচিটামলৰ দৰে প্ৰাথমিক প্ৰয়োজনীয়তাও আছে ।
অতিমাৰীত আক্ৰান্ত দেশসমূহে মিলিয়ন মিলিয়ন ডলাৰৰ সামগ্ৰী অৰ্ডাৰ দিয়ে। কিন্তু অসাধু চীনা কোম্পানীসমূহে নিম্নমানৰ বা নষ্ট হোৱা পৰীক্ষা সঁজুলি,গ্লোভছ আৰু আন আন সামগ্ৰী প্ৰেৰণ কৰাত এইসমূহ দেশ ক্ষোভিত হৈ পৰে ।
চীনৰ সংবাদ প্ৰতিষ্ঠান চিনহুৱাই ৪ মাৰ্চত এনেদৰে প্ৰকাশ কৰিছে—
"আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিকাংশ মাস্কেই চীনত প্ৰস্তুত হোৱা। যদি চীনে যাতায়ত নিষেধ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰত্যুত্তৰ দিয়ে,কৌশলগত নিয়ন্ত্ৰণৰ ব্যৱস্থা লয় বা চিকিৎসাজনিত সামগ্ৰী ৰপ্তানি বন্ধ কৰে তেন্তে আমেৰিকাই আন এক নতুন নিউমোনিয়া মহামাৰীৰ নৰক যন্ত্ৰণা ভুগিব লাগিব । আমেৰিকাই চীনক ক্ষমা খোজা উচিত আৰু পৃথিৱীখনে কৃতজ্ঞতা প্ৰকাশ কৰা উচিত ।"
প্ৰকৃততে পৰিস্থিতি বৰ্তমান কেনেধৰণৰ? মানুহৰ প্ৰাণৰ ক্ষতিৰ লগতে বিশ্বজুৰি দেশসমূহে আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈছে । বিশ্বজুৰি যোগান শৃংখল ব্যাহত হৈছে উদ্যোগসমূহ বন্ধ হৈ পৰিছে, নিৱনুৱাৰ হাৰ বৃদ্ধি পাইছে (মাৰ্চৰ মাজভাগৰ পৰা আমেৰিকাত ২২ মিলিয়ন লোকে চাকৰি হেৰুৱাইছে),অত্যাৱশ্যকীয় সামগ্ৰীৰো নাটনিৰ সৃষ্টি হৈছে । অৰ্গেনাইজেশ্যন ফৰ্ ইক’নমিক কো-অপাৰেশ্যন এণ্ড ডেভলপমেণ্ট চমুকৈ অ’ চি ই ডিৰ মুখ্য অৰ্থনীতিবিদগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ইয়াৰ অন্তৰ্গত দেশসমূহত উৎপাদনৰ হাৰ২৫ ৰ পৰা ৩০ শতাংশ হ্ৰাস পাইছে ।
খাৰুৱা তেলৰ দাম ৭০ শতাংশ কমিছে (ভাৰতে অভিযোগ উত্থাপন কৰা নাই!)। প্ৰায় ১.৫৭ বিলিয়ন শিক্ষাৰ্থী আৰু গৱেষকৰ শৈক্ষিক অগ্ৰগতি ক্ষতিগ্ৰস্ত হৈছে । হস্পিটেলিটী,পৰ্যটন,বিমান সেৱা,নিৰ্মাণ খণ্ড আদি বেয়াকৈ ক্ষতিৰ সন্মুখীন হৈছে । এই খণ্ডসমূহৰ উদ্ধাৰ সোনকালে নোহোৱাৰ লগতে সহজে নহ’ব ।
আন্তৰ্জাতিক মুদ্ৰা নিধিৰ হিচাপ অনুসৰি এই বৰ্ষত বিশ্বৰ অৰ্থনীতিয়ে ৩ শতাংশ লোকচানৰ সন্মুখীন হ’ব। এই হাৰ ১৯৩০ৰ দশকৰ আৰ্থিক মন্দাৱস্থাৰ পাছত সৰ্বাধিক । বিশ্বৰ মুঠ ঘৰুৱা উৎপাদন বা জি ডি পি অহা দুবছৰত ৯ ট্ৰিলিয়ন ডলাৰ হ্ৰাস পাব পাৰে । চীনৰ অৰ্থনীতিৰ বিকাশৰ হাৰ মাত্ৰ ১.২ শতাংশ(১৯৭৬ চনৰ পাছত সৰ্বনিন্ম)আৰু ভাৰতৰ ১.৫ শতাংশ হ’ব পাৰে ।
এই অতিমাৰী যিমান দিন অব্যাহত থাকে,সিমানেই ক্ষতিৰ পৰিমাণ বৃদ্ধি পাব । এই সংকটৰ শেষ মুহূৰ্তটো দেখা নোপোৱালৈকে নতুন স্বাভাৱিক অৱস্থাৰ ৰূপ কেনেকুৱা হ'ব সেয়া কল্পনা কৰাটো অসম্ভৱ । ইয়াৰ পাছতো এই সংক্ৰমণ বনজুইৰ দৰে সময়ে সময়ে উদ্ভৱ হৈ থাকিব । ইয়াৰ সমান্তৰালভাৱে জীৱন ধাৰণ, ব্যৱসায়,সম্পৰ্ক আৰু শক্তি ব্যৱস্থাত তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন ঘটিব। ক্ষুদ্ৰ অৱস্থাত ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম ব্যৱস্থা আৰু হাতৰ পৰিচ্ছন্নতাৰ সংস্কৃতিয়ে গুৰুত্ব লাভ কৰিব । ইয়াৰ লগতে ফেচ মাস্কৰ ব্যৱহাৰ, ডিজিটেল ছাইট, ই-কমাৰ্চ প্লেটফৰ্মসমূহৰ প্ৰাধান্য বৃদ্ধি পাব। তথ্যৰ গুৰুত্ব
ক্ষুদ্ৰতৰ পৰ্যায়ত পৰিৱৰ্তনসমূহ হয়তো সুদূৰ প্ৰসাৰী নহ’ব। দেশসমূহে আভ্যন্তৰীণ দিশত গুৰুত্ব দিব,কৌশলগত আৰু অত্যাৱশ্যকীয় সামগ্ৰী উৎপাদনে প্ৰাধান্য লাভ কৰিব, ৰক্ষণশীলতাৰ প্ৰাচীৰখন ওখ হৈ পৰিব,আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিনিয়োগ কমাৰ লগতে চৰকাৰ অধিক শক্তিশালী হৈ পৰিব ।
আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান বা ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ্ ফাইনেন্সৰ (আই আই এফ) মতে, ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগ সম্ভাৱনাপূৰ্ণ বজাৰৰ পৰা ইতিমধ্যে অন্তৰ্ধান হৈছে । এই পৰিমাণ ২০০৮ চনৰ গোলকীয় মন্দাৱস্থাৰ সময়ৰ কেপিটেল এক্সডাছৰ তিনিগুণ বেছি । জাপানে ইয়াৰ উৎপাদনাকাৰীসকলক উৎপাদন কেন্দ্ৰসমূহ চীনৰ পৰা জাপানলৈ বা তৃতীয় দেশলৈ স্থানান্তৰিত কৰাৰ বাবে ইতিমধ্যে ২.২ বিলিয়ন আমেৰিকান ডলাৰৰ সাহাৰ্য আবণ্টন দিছে ।
আন্তঃৰাজ্যিক সম্পৰ্ক আৰু ক্ষমতাৰ সমীকৰণসমূহক লৈ চিন্তা-চৰ্চা চলিব । বিভিন্ন অঞ্চলত আমেৰিকা নেতৃত্বাধীন সুৰক্ষা ব্যৱস্থাই অধিক বিশ্বাস যোগোৱাৰ সলনি চীনক লৈ শংকা বৃদ্ধি কৰাব । আনকি চীনে সৰ্বাধিক লোকচানৰো সন্মুখীন হ’ব পাৰে । চীনৰ ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু ব্যৱসায়ীসকল অধিক নিৰীক্ষণৰ মাজত আহিব পাৰে । বিকল্পৰ সন্ধানত অন্ততঃ মধ্যৱৰ্তীকালীনভাৱে সশস্ত্ৰ সংঘাতো সৃষ্টি হ’ব পাৰে যিয়ে অশান্তি আৰু অস্থিৰতা বৃদ্ধি কৰিব ষ।
ৰাষ্ট্ৰসংঘ, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাক ফলপ্ৰসূহীন,পক্ষপাতদুষ্টৰ ৰূপত পোৱা গৈছে । এই বছৰৰ প্ৰথম ভাগত মুনিছ নিৰাপত্তা সন্মিলনত ভাগ লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছিল— “ৰাষ্ট্ৰসংঘ ইয়াৰ ইতিহাসৰ তুলনাত বৰ্তমান বহু কম পৰিমাণে বিশ্বাস্যোগ্য হৈ ৰৈছে ।” এই ক্ষেত্ৰত দুটা কাৰণ আছে । প্ৰথমতে এই সংস্থাসমূহৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবলৈ সম্পদৰ অভাৱ আৰু পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল । এই পাঁচোখন দেশৰ মাজত আকৌ বহুত মতভেদ আছে ।
দ্বিতীয়তে আমেৰিকাৰ লগত প্ৰতিদ্বন্দিতা কৰি অধিক হাৰত বিত্তীয় অনুদান প্ৰদান কৰাৰ ফলত এই সংস্থাসমূহৰ ওপৰত চীনৰ প্ৰভাৱ অসমানুপাতিকভাৱে বৃদ্ধি পাইছে (২০১৮-১৯ বৰ্ষত বিশ্ব স্বাস্থঅয সংস্থাক চীন আৰু আমেৰিকাই প্ৰদান কৰা আৰ্থিক বৰঙণিৰ পৰিমাণ ক্ৰমে ৮৬ আৰু ৮৯৩ মিলিয়ন ডলাৰ)। মূল বিষয়বাবত বন্ধুত্বসুলভভাৱে প্ৰতিদ্বন্দী সকলে স্থান লাভ কৰাৰ সলনি বেইজিঙে একচেটীয়াকৈ দখল কৰিব খোজে । বৰ্তমানৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীজনো চীনৰ দ্বাৰা মনোনীত। এনে ক্ষেত্ৰত এইবোৰ সংস্থা অধিক দুৰ্বল হৈ পৰিব। কিয়নো সংস্কাৰৰ বাবে সদিচ্ছাৰ অভাৱ সদায় পৰিলক্ষিত হয় ।
ডাঙৰ প্ৰশ্নটো হ’ল ভাৰতে কেনেদৰে আগবাঢ়িব ? বৰ্তমানলৈকে লাভ কৰা লক্ষণসমূহ ইতিবাচক । সৌভাগ্যক্ৰমে আমি সামাজিক সংক্ৰমণ ৰোধ কৰিব পাৰিছো । আমি সংক্ৰমণৰ বিৰুদ্ধে যুঁজি কাৰ সময়তে চৰকাৰে অৰ্থনীতিক গতিশীলতা দিয়াৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে । সৰ্বত্ৰ শংকা দেখা দিছে যে অনাগত দিনত আৰু অধিক সুযোগৰ সৃষ্টি নহ’ব । 'মেক ইন ইণ্ডিয়া ২.০' পদক্ষেপে ক্ৰেডিট লাইন, জি এছ টিৰ হাৰ হ্ৰাস, ভূমি আৰু শ্ৰমৰ সংস্কাৰ, সময়মতে অনলাইন অনুমোদন আৰু পৰিবহনৰ ক্ষেত্ৰত স্থবিৰতা দূৰ কৰা আদিৰ ব্যৱস্থা কৰিব পাৰে ।
ক’ভিড-১৯ এক অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ লগতে এটা সুযোগো । আশা কৰো আমি দুয়োটা দিশতে সফল হ’ম ।
—বিষ্ণু প্ৰকাশ