নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্বাকিল আহমেদে মঙলবাৰে দাখিল কৰে দুখনকৈ মনোনয়ন পত্ৰ । বিহাৰৰ মধুবানী লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছী নেতাগৰাকীয়ে দাখিল কৰে দুখনকৈ মনোনয়ন ।
লোকসভা নিৰ্বাচনৰ পূৰ্বেই সোমবাৰে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ মুখপাত্ৰ পদৰ পৰা পদত্যাগ কৰি বিহাৰৰ মধুবানী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে আহমেদে । সমষ্টিটোত কংগ্ৰেছ দলৰ হৈ এখন আৰু নিৰ্দলীয়ভাৱে এখন মনোনয়ন দাখিল কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে । সংবাদ মাধ্যম ANIয়ে প্ৰকাশ কৰিছে এই বাতৰি ।