নেশ্যনেল ডেস্ক, 27 ছেপ্তেম্বৰ: দেওবাৰে কৰ্ণাটকৰ কলাবাৰাগী জিলাৰ বহিঃপ্ৰান্তত সংঘটিত হয় এক দুৰ্ঘটনা ৷ ৰখাই থোৱা ট্ৰাকত খুন্দিওৱাৰ ফলত এখন কাৰত থকা তিনিগৰাকী মহিলাসহ 7 গৰাকী লোক থিতাতে নিহত হয় ৷
এগৰাকী গৰ্ভৱতী মহিলাক প্ৰসৱৰ বাবে চিকিৎসালয়লৈ নি থকা অৱস্থাতে দুৰ্ঘটনাতো সংঘটিত হয় ৷ নিহত সকল ইৰফানা বেগম (25), ৰুচিয়া বেগম (50), আবেধাবী বেগম (50), মুনীৰ (28), মহম্মদ আলী (38), শ্বৌকত আলী (29) আৰু জয়াচুনাবী (60) বুলি জানিব পৰা গৈছে ৷ আটাইকেইগৰাকী লোক আলান্দা টালুকৰ বাসিন্দা ৷
দুৰ্ঘটনাতো সংঘটিত হোৱাৰ পৰৱৰ্তী সময়ত ঘটনাস্থলীত জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷
লগতে পঢ়ক: ভূমিস্খলনত মৃত্যু দুই মহিলা ক্ৰিকেটাৰৰ , তিনি সন্ধানহীন