ETV Bharat / bharat

জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ বিয়োগ

author img

By

Published : Nov 25, 2020, 6:34 AM IST

Updated : Nov 25, 2020, 7:08 AM IST

জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ পৰলোকপ্ৰাপ্তি ৷ বিগত কেইটামান সপ্তাহ পূৰ্বে ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ পাছতে পেটেলক আইচিইউত ভৰ্তি কৰোৱা হৈছিল ৷ বুধবাৰে পুৱতি নিশা তেওঁ স্বৰ্গগামী হয় ৷

জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ বিয়োগ
জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ বিয়োগ

গুৰুগ্ৰাম (হাৰিয়ানা), 25 নৱেম্বৰ: ক'ভিড-19 ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ মৃত্যু ৷ বুধবাৰে পুৱতি নিশা 71 বছৰ বয়সত জ্যেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে মৃত্যুৰ সন্মুখত হাৰ মানে ৷

পেটেলৰ পুত্ৰ ফইজলে এই কথা সুনিশ্চিত কৰি কয় যে ক'ভিড-19 ত আক্ৰান্ত হৈ গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত পেটেল চিকিৎসাধীন হৈ আছিল আৰু শৰীৰৰ বহুকেইটা অংগ বিকল হৈ পৰাত বুধবাৰে পুৱতি নিশা তেওঁৰ মৃত্যু হয় ৷ ফইজলে টুইটযোগে এই কথা কয় যে গুজৰাটৰ ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে বুধবাৰে পুৱা 3:30 বজাত মৃত্যুক আঁকোৱালি লয় ৷

পিতৃৰ শুভাকাংক্ষী সকলক সামাজিক ব্যৱধান মানি চলিবলৈ আহ্বান জনাই পুত্ৰ ফইজলে টুইটযোগে পিতৃৰ মৃত্যুৰ বাতৰি জনাই এই কথা প্ৰকাশ কৰে যে প্ৰায় এমাহ পূৰ্বে ক'ভিড-19 ত আক্ৰান্ত হৈ কেবাটাও অংগ বিকল হৈ পৰাত স্বাস্থ্যৰ অৱনতি ঘটি পেটেলৰ মৃত্যু হয় ৷

ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ কোষাধক্ষ গৰাকী অক্টোবৰ 1 তাৰিখে ক'ভিড-19 ত আক্ৰান্ত হৈছিল আৰু নৱেম্বৰ 15 তাৰিখে তেওঁ গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত আইচিইউ কক্ষত ভৰ্তি কৰোৱা হৈছিল ৷ উল্লেখ্য যে 1 অক্টোবৰ তাৰিখে নিজকে ক'ভিড-19 ত আক্ৰান্ত বুলি গম পোৱাৰ পাছতে পেটেলে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে নিজাকৈ আচুতীয়াকৈ থকাৰ বাবে আহ্বান জনাইছিল ৷

লগতে পঢ়ক:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা জনাই অৰ্ধনমিত কৰা হ’ল গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকা

Last Updated : Nov 25, 2020, 7:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.