নেশ্যনেল ডেস্ক, 18 ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰদ্ৰোহৰ আৰোপৰ সন্মুখীন হোৱা তিনিগৰাকী কাশ্মীৰি অভিযান্ত্ৰিক ছাত্ৰক মঙলবাৰে হুবলীৰ পৰা হিণ্ডালা কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰিত কৰে ৷ ৰাইট ৱিং সংগঠনৰ সদস্যসকলে দেওবাৰে আৰক্ষী চকীৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰাৰ পিচত এই তদন্ত কৰা হয় ৷ দেওবাৰে তেওঁলোকক এৰি দিবলৈ আৰক্ষীসকলৰ মাজত আলোচনা হৈছিল ৷ আৰোপী সকলৰ ওপৰত ৰাইট ৱিং সংগঠনৰ সদস্যসকলৰ দ্বাৰা আক্ৰমণ চলোৱা হৈছিল, এই ঘটনাই সংকিত কৰি তোলাৰ বাবে তেওঁলোকক বেলগামস্থিত কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছে ৷
তিনিওগৰাকী শনিবাৰে পাকিস্তানক সমৰ্থন কৰি শ্লোগান দিয়া আৰু ছ'চিয়েল মিডিয়াত পুলৱামাৰ সেই সন্ত্ৰাসবাদী আক্ৰমণক লৈ পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল ৷
লগতে পঢ়কঃ হায়দৰাবাদৰ এক শ্বপিংমলত কৰুণ মৃত্যুক সাৱটিলে দুৰ্ভগীয়া কিশোৰে