নেশ্যনেল ডেস্ক, 29 অক্টোবৰ: অস্ত্ৰ-শস্ত্ৰ, নগদ ধন আৰু গুৰুত্বপূৰ্ণ নথিৰে সৈতে দুজন এনএছচিএন (আইএম) কেডাৰক কৰায়ত্ত ৷ আৰক্ষী প্ৰতিনিধিৰ সৈতে চলোৱা এক অভিযানত নিৰাপত্তা বাহিনীয়ে কেডাৰ দুজনক কৰায়ত্ত কৰে ৷ 27 অক্টোবৰত নিৰাপত্তা বাহিনীয়ে বিশেষ তথ্যৰ ওপৰত ভিত্তি কৰি কেডাৰ দুজনক কৰায়ত্ত কৰাত সক্ষম হয় ৷
![কেডাৰ দুজনৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/img-20201029-wa0011_2910newsroom_1603979516_527.jpg)
জানিব পৰা মতে , নিৰ্দিষ্ট তথ্যৰ আধাৰত নিৰাপত্তা বাহিনীয়ে আৰক্ষী প্ৰতিনিধিৰ সৈতে এক অভিযান আৰম্ভ কৰি এনএছচিএন (আই এম) কেডাৰ দুজনক কৰায়ত্ব কৰাৰ লগতে লগতে মেগজিনৰ সৈতে এটা 7.65 পইন্ট 32 এমএম ৰ কাৰ্বাইন , 32 এমএমৰ পিষ্টল, গুলী , তিনিটা ম’বাইল, এখন ছুৰী, দূৰবিন , সোণ আৰু নগদ ধনসহ পৰিচয় পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অধিক তদন্তৰ বাবে উদ্ধাৰ হোৱা সামগ্ৰীসহ কেডাৰ দুজনক চুমুকেডিমা আৰক্ষী থানাত গটাই দিয়া হৈছে ৷
লগতে পঢ়ক: পেছোৱাৰ মাদ্ৰাছা বিস্ফোৰণ : 55 অভিযুক্তক আটক