নিউজ ডেস্ক,২৪ জুনঃ জম্মু-কাশ্মীৰৰ চোপোৰত বুধবাৰে সেনা জোৱানে আটক কৰে লস্কৰ-ই-তৈবা সংগঠনৰ ৪ গৰাকীকৈ সন্ত্ৰাসবাদীক । চোপোৰৰ পোটকা মুক্কম আৰু চানপুৰা অথুৰে অঞ্চলত চলা তালাচী অভিযানত আটক কৰে সন্ত্ৰায়বাদীকেইটাক ।
ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয় যে,চোপোৰ আৰক্ষীয়ে 52 Rashtriya Rifles আৰু Central Reserve Police Force (CRPF)ৰ সহযোগত চোপোৰৰ পোটকা মুক্কম আৰু চানপুৰা অথুৰে অঞ্চলত চলা তালাচী অভিযানতে লস্কৰ-ই-তৈবা সংগঠনৰ ৪ গৰাকীকৈ সন্ত্ৰাসবাদীক মাৰাণস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলিও সদৰি কৰে আৰক্ষী বিষয়া গৰাকীয়ে ।
আনহাতে,মঙলবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাৰ বন্দজু অঞ্চলত সন্ত্ৰাসবাদী আৰু সেনা জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয় । তাৰোপৰি সংঘৰ্ষত এগৰাকী চিআৰপিএফৰ জোৱানো শ্বহীদ হয় বুলিও সদৰি কৰে ।
বিগত এসপ্তাহত জম্মু-কাশ্মীৰৰ পুলৱামা আৰু শ্বোপিয়ান জিলাত চলোৱা দুটা অভিযানত আঠজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে বুলিও সদৰি কৰে ।
লগতে চাওকঃবাঘজানত উপস্থিত কেন্দ্ৰীয় পেট্ৰ'লিয়াম বিভাগৰ সচিব তৰুণ কাপুৰ