ETV Bharat / bharat

কৃষক বিদ্ৰোহৰ অন্ত পোলাবলৈ হ'লে কৃষি আইন বাতিল কৰিব লাগিবঃ ভূপেশ বাঘেল - তিনিওখন কৃষি আইন বাতিল কৰা উচিত

কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ । তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে ৩ খন কৃষি আইন কৃষকৰ সুবিধাৰ্থে প্ৰণয়ন কৰাৰ দাবী কৰিছে আহিছে যদিও কৃষকে এই আইনৰ বিৰোধিতা কৰিছে । সেয়ে, তিনিওখন কৃষি আইন বাতিল কৰা উচিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কৃষক বিদ্ৰোহৰ অন্ত পোলাবলৈ হ'লে কৃষি আইন বাতিল কৰিব লাগিবঃ ভূপেশ বাঘেল

author img

By

Published : Jan 15, 2021, 1:42 PM IST

নেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী: দিল্লী সীমান্তত অব্যাহত থকা কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে । কৃষকৰ দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে প্ৰতিবাদ ওৰ পৰা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ছট্টিশগড়ৰ কংগ্ৰেছ কাৰ্যালয়ৰ বিষয়ববীয়াসকলে মহাৰাষ্ট্ৰৰ সেৱাগ্ৰামৰ গান্ধী আশ্ৰমত অনুষ্ঠিত কৰা তিনিদিনীয়া শিবিৰৰ অন্তিম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ।

কৃষক বিদ্ৰোহৰ অন্ত পোলাবলৈ হ'লে কৃষি আইন বাতিল কৰিব লাগিবঃ ভূপেশ বাঘেল
কৃষক বিদ্ৰোহৰ অন্ত পোলাবলৈ হ'লে কৃষি আইন বাতিল কৰিব লাগিবঃ ভূপেশ বাঘেল

তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে কৃষকে সাব্যস্ত কৰা প্ৰতিবাদ প্ৰসংগত তেওঁ কয় যে , বিমানবন্দৰ, ৰে'ল ষ্টেচন ব্যক্তিগতকৰণ কৰাৰ পিছত এইবাৰ কৃষকৰ ভূমিৰ ওপৰত চকু পৰিছে এন ডি এ চৰকাৰৰ । কিন্তু কৃষকে চৰকাৰৰ এই উদ্দেশ্যৰ কথা বুজি পাইছে আৰু সেইকাৰণে এমাহৰো অধিক দিন ধৰি তেওঁলোকে কষ্টৰ মাজতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । লগতে চৰকাৰে কৃষকৰ প্ৰতিবাদৰ অন্ত পেলাবলৈ হ'লে এই তিনিওখন কৃষি আইন বাতিল কৰিব লাগিব বুলিও মন্তব্য কৰে ।

আনহাতে, গান্ধী আশ্ৰমত অনুষ্ঠিত কাৰ্যসূচী সন্দৰ্ভত তেওঁ কয় যে, অহিংসা, শান্তি, সমতাৰ বাৰ্তা বিলাই সুস্থ সমাজ গঢ়ি তোলা আৰু অস্পৃশ্যতাৰ মনোভাৱ দূৰ কৰা আদি মহাত্মা গান্ধীৰ নীতি-আদৰ্শৰে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক অনুপ্ৰাণিত কৰি তেওঁলোকৰ মাজত নতুন উদ্যম জাগ্ৰত কৰিবলৈ তিনিদিনীয়া শিবিৰ অনুষ্ঠিত কৰা হৈছে । ভূপেশ বাঘেলে লগতে কয় যে, ছট্টিশগড়ত বিজেপিৰ শাসন কালতে মাওবাদীৰ সন্ত্ৰাস বৃদ্ধি হৈছিল আৰু বৰ্তমান চৰকাৰে নক্সালবাদীৰ ত্ৰাস নিৰ্মূল কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । বনাঞ্চলৰ সমীপৰ গাঁৱত বাস কৰা লোকৰ সৈতে চৰকাৰে বৰ্তমান সংযোগ স্থাপন কৰি ছট্টিশগড়ৰ পৰা মাওবাদীৰ ভেঁটি উৎখাত কৰাৰ বাবে প্ৰয়াস কৰিছে ।

লগতে পঢ়ক:কেৰালাত ৪৯ লাখ টকাৰ সোণ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.