নেশ্যনেল ডেস্ক, 16 ডিচেম্বৰ : দিল্লী আৰক্ষীৰ নৃশংসতাৰ বলি হোৱা ছাত্ৰৰ বাবে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে৷ মঙলবাৰে এই সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব বুলি সৰ্বোচ্চ ন্যায়ালয়ে সোমবাৰে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, জামিয়া মিলিয়া বিশ্ববিদ্যালয় আৰু আলিগঢ় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিবাদী ছাত্ৰসকলক আৰক্ষীয়ে বৰ্বৰভাৱে মাৰপিট কৰাৰ ঘটনা পোহৰলৈ আহিছিল ৷ নাগৰিকত্ব সংশোধনী আইনৰ (CAA) বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ নৃশংসতাৰ বলি হৈছিল ৷
CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ ৰাজহুৱা সম্পত্তি ধংস কৰা কাৰ্যক গুৰুত্ব সহকাৰে লোৱা উচ্চতম ন্যায়ালয়ে কয় যে, এনে কাণ্ড অতি সোনকালে অন্ত পৰা উচিত ৷ মুখ্য ন্যায়াধীশ এছ. এ. ববডেৰ নেতৃত্বত গঠিত বিচাৰকৰ দলে এই সম্পৰ্কত কয়, "আমি বিচাৰো যে হিংসা বন্ধ হওঁক ৷" লগতে কয়, "প্ৰতিবাদ, হিংসা আৰু ৰাজহুৱা সম্পত্তি ধংস হোৱাৰ তথ্য লাভ কৰিলে আমি শুনানি গ্ৰহণ নকৰো ৷"
বিচাৰকৰ দলে কয়, "আমি সকলো নিশ্চিত কৰিম কিন্তু এই হিংসাৰ পৰিৱেশত নহয় ৷ এয়া কি ? ৰাজহুৱা সম্পত্তিসমূহ ধংস কৰা হৈছে, বাছসমূহ জ্বলাই দিয়া হৈছে ৷"
এই সম্পৰ্কত জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জেইজিঙে কয় যে, ছাত্ৰৰ বিৰুদ্ধে গভীৰ হিংসাত্মক কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে আৰু বহু সংখ্যকে নিজৰ হাত-ভৰি ভাঙি চিকিৎসাধীন হৈ আছে ৷
আৰু পঢ়ক : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কলৈ শ্ৰদ্ধাঞ্জলি