ETV Bharat / bharat

চাৰধাম পৰিযোজনাক লৈ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

author img

By

Published : Oct 19, 2020, 6:00 PM IST

উচ্চতম ন্যায়ালয়ে চাৰধাম পৰিযোজনাৰ বাবে গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ অধ্যক্ষৰ অভিযোগ পত্ৰত গুৰুত্ব আৰোপ । অহা ২৬ অক্টোবৰত শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

চাৰধাম পৰিযোজনাক লৈ উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ অভিযোগত গুৰুত্ব আৰোপ উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক, ১৯ অক্টোবৰ : চাৰধামৰ পথ পৰিযোজনাৰ বাবে শীৰ্ষ আদালতে গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ অধ্যক্ষৰ অভিযোগ পত্ৰ । এই অভিযোগ পত্ৰত গুৰুত্ব আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে । অহা ২৬ অক্টোবৰত শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে । শেহতীয়াকৈ কেন্দ্ৰই আদালতৰ আদেশ পালন নকৰাৰ দোহাই দি কমিটীৰ অধ্যক্ষই উচ্চতম ন্যায়ালয়লৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে । চলিত বৰ্ষৰ আৰম্ভণিতে আদালতে চৰকাৰক স্পষ্ট কৰি দিছিল যে, ২০১৮ত চৰকাৰে প্ৰকাশ কৰা বিজ্ঞপ্তি মানি চলিব লাগিব, য'ত পথবোৰ ৫.৫ মিটাৰ বহল হোৱাৰ কথা উল্লেখ আছে । পথ নিৰ্মাণৰ সময়ত হোৱা ক্ষতিৰ বাবদ বৃক্ষৰোপণৰো আদেশ দিছিল ন্যায়ালয়ে । এই আদেশ যোৱা ৪ ছেপ্টেম্বৰত দিছিল । ইয়াৰ প্ৰায় এমাহৰ পিছত অৰ্থাৎ ৫ অক্টোবৰত কমিটীৰ অধ্যক্ষই কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে । কমিটীৰ অধ্যক্ষই কয় যে, তেওঁ পথ পৰিবহণ আৰু ৰাজপথ মন্ত্ৰালয়ক ন্যায়ালয়ৰ আদেশৰ বিষয়ে অৱগত কৰিছে আৰু এই সন্দৰ্ভত বিৱৰণ দিবলৈ আহ্বান জনাইছে । কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো সুদুত্তৰ লাভ কৰা নাই । উল্লেখ্য যে, চাৰধাম পথ পৰিযোজনাৰ জৰিয়তে যাত্ৰা সময় হ্ৰাস কৰাৰ বাবে গংগোত্ৰী, যমোনাত্ৰী, বদ্ৰীনাথ আৰু কেদাৰনাথৰ ৪ মন্দিৰৰ সংযোগ কৰিবলৈ উত্তৰাখণ্ডত ৰাজপথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল ।

লগতে পঢ়ক:হায়দৰাবাদ বান পৰিস্থিতিৰ বুজ ল'লে সাংসদ আছাদউদ্দিন অৱেছিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.