ETV Bharat / bharat

প্ৰবাসী শ্ৰমিকৰ মজুৰী সন্দৰ্ভত কেন্দ্ৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ত কৰা আবেদনৰ ভিত্তিত শুকুৰবাৰে প্ৰবাসী শ্ৰমিকৰ চিনাক্ত, আহাৰ, পানী, ঔষধ আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰৰ প্ৰতিক্ৰিয়া বিচাৰি নিৰ্দেশ প্ৰদান উচ্চতম ন্যায়ালয়ৰ ।

author img

By

Published : Apr 3, 2020, 5:35 PM IST

প্ৰবাসী শ্ৰমিকৰ মজুৰী সন্দৰ্ভত কেন্দ্ৰক জবাবদেহীঃ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ দুজন ব্যক্তিৰ আবেদনৰ ভিত্তিত শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ পৰা প্ৰবাসী শ্ৰমিকৰ মজুৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰে । আবেদনত প্ৰবাসী শ্ৰমিকৰ জীৱনৰ নিৰাপত্তা, মৌলিক অধিকাৰ আৰু মজুৰী প্ৰদান আদি বিষয় উপস্থাপন কাৰ হৈছে । কাৰণ ২১ দিনৰ লক্ ডাউনৰ ঘোষণাৰ পাচতেই নানান সমস্যাত পৰিছে এইসকল শ্ৰমিক ।

ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে হৰ্ষ মন্দৰ আৰু অঞ্জলি ভাৰদ্বাজক অধিবক্তা প্ৰশান্ত ভূষণে জনায় যে, নাগেশ্বৰ ৰাও আৰু দীপিকা গুপ্তাৰ বিচাৰপীঠে এই সন্দৰ্ভত ইতিমধ্য়ে কেন্দ্ৰক জাননি জাৰী কৰিছে । অহা ৭ এপ্ৰিল শুনানি গ্ৰহণ কৰা হ'ব ।

আবেদনত সংবিধানৰ ২১ অনুচ্ছেদৰ মৌলিক অধিকাৰৰ কথা উল্লখ কৰি লক্ ডাউনে প্ৰবাসী শ্ৰমিক সকলৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছে বুলি উল্লেখ কৰা হৈছে । লগতে কোৱা হৈছে হঠাতে দিয়া লক্ ডাউনৰ ফলত বাছ আস্থান, ৰেলৱে ষ্টেচন, আন্তঃৰাজ্যিক সীমান্তত বহু প্ৰবাসী শ্ৰমিক আবদ্ধ হৈ পৰিছিল । আবেদনত ইয়াৰ লগতে বহু কেইটা দিশ সামৰি লোৱা হৈছে ।

মেক্সিকোত স্থগিত কৰ'ণা বিয়েৰৰ উৎপাদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.