নিউজ ডেস্ক,14 নৱেম্বৰঃ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে সাবৰিমালা মন্দিৰত মহিলা প্ৰৱেশৰ বিষয়টোক 7 জনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰে ৷ 2018 চনত সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশত অনুমতি দিয়া ৰায়দানৰ পুনৰ বিবেচনাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত জনোৱা হৈছিল আবেদন ৷
3:2 সংখ্যাগৰিষ্ঠতাৰে সাতজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰা হয় পুনৰ বিচাৰ আবেদন ৷ বিষটো সন্দৰ্ভত যেতিয়ালৈকে সাতজনীয়া বিচাৰপীঠে কোনো ধৰণৰ মতামত প্ৰকাশ নকৰে তেতিয়ালৈকে 2018 চনৰ চেপ্তেম্বৰ মাহত প্ৰদান কৰা ৰায়দানটোৱে বাহাল থাকিব ৷
ৰায়দানটো পাঠ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে,ধাৰ্মিক স্থানত যেনে-সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশত বাধা,মছজিদত মহিলাৰ প্ৰৱেশত বাধা,দাউদী বোহৰা সম্প্ৰদায়ৰ মহিলাৰ বাধা আদি বিষয়সমূহত বৃহৎ বিচাৰপীঠে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ লগতে তেখেতে কয় যে, আবেদনকাৰী সকলে ধৰ্ম আৰু বিশ্বাসৰ মাজত পুনৰ বিতৰ্কৰ সৃষ্টি কৰিব বিচাৰিছে ৷ সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ বিচাৰপীঠৰ তিনিজন সদস্যই সহমত প্ৰদৰ্শন কৰাৰ বিপৰীতে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু আৰ এফ নৰিমণে ৰায়দানৰ বিপক্ষত অৱস্থান কৰিছিল ৷
লগতে পঢ়কঃ ৰাফেল চুক্তি কেলেংকাৰীৰ পুনৰ বিচাৰ আবেদনক খাৰিজ উচ্চতম ন্যায়ালয়ৰ
মছজিদত মহিলা সকলৰ প্ৰৱেশক লৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে, ধাৰ্মিক স্থানত মহিলা সকলে সম অধিকাৰ পোৱাটো উচিত ৷