ETV Bharat / bharat

শুকুৰবাৰে উচ্চতম ন্য়ায়ালয়ে নিৰ্ধাৰণ কৰিব বিনয়ৰ ভৱিষ্যৎ

author img

By

Published : Feb 14, 2020, 2:06 PM IST

মানসিক অৱস্থাৰ দোহাই দি নিজৰ শাস্তি লাঘৱ কৰিবলৈ আৱেদন জনাইছিল নিৰ্ভয়া কাণ্ডৰ অন্যতম অভিযুক্ত বিনয় শৰ্মাই ৷ শুকুৰবাৰে উচ্চতম ন্যয়ালয়ে গ্ৰহণ কৰিব শুনানি ৷

SC to pronounce order on Nirbhaya convict's petition against mercy plea rejection
শুকুৰবাৰে উচ্চতম ন্য়ায়ালয়ে গ্ৰহণ কৰিব নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ অভিযুক্তৰ ক্ষমা আৱেদনৰ শুনানি

নিউজ ডেস্ক , 14 ফেব্ৰুৱাৰীঃ ফাঁচিৰ ক্ষমা আৱেদন ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰাৰ সন্দৰ্ভত নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ অন্যতম মূল অভিযুক্ত বিনয় কুমাৰ শৰ্মাই কৰা আৱেদন সন্দৰ্ভত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব ৷ শুকুৰবাৰে দিনৰ 2 বজাত ন্যায়ালয়ে দোষীজনৰ ক্ষমা আৱেদন সন্দৰ্ভত গ্ৰহণ কৰিব শুনানি ৷

অভিযুক্ত পক্ষৰ অধিবক্তা এ পি সিঙে মন্তব্য কৰাৰ দৰে দোষী বিনয় শৰ্মাক অকলশৰীয়াকৈ বন্দী কৰি ৰখা নাই ৷ দিল্লী চৰকাৰী পক্ষৰ অধিবক্তা তুষাৰ মেহতাই বৃহস্পতিবাৰে এইদৰে মন্তব্য কৰে ৷ তেখেতে লগতে মন্তব্য কৰে যে, বিষয়টো পৰ্যালোচনাৰ বাবে খুব কম সম্ভাৱনা আছে যিহেতু উচ্চতম ন্যায়ালয়ে চুড়ান্ত শুনানি গ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰপতিয়েও অভিযুক্ত কেইজনৰ ক্ষমা আৱেদন নাকচ কৰিছিল ৷ গৃহমন্ত্ৰীয়ে খৰতকীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰা নাছিল , যিহেতু সংযুক্ত সচিব আৰু গৃহ সচিবে এই ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰিছিল ৷ অপৰাধী বিনয় কুমাৰ শৰ্মাৰ দ্বাৰা সংঘটিত হোৱা এই অপৰাধ কেতিয়াও ক্ষমাৰ যোগ্য নহয় বুলিও মন্তব্য কৰে চৰকাৰী পক্ষৰ অধিবক্তা গৰাকীয়ে ৷

অভিযুক্তজনৰ অধিবক্তা এ পি সিঙে পূৰ্বতে মন্তব্য কৰিছিল যে , বিনয় শৰ্মাক কাৰাগাৰত অন্যায়ভাৱে নিৰ্যাতন চলোৱা হৈছিল ৷ বিনয়ৰ ওপৰত শাৰীৰিক ভাৱে নিৰ্যাতন চলোৱাৰ এক বৃহৎ ইতিহাস আছে ৷ লগতে অধিবক্তা গৰাকীয়ে দাবী উত্থাপন কৰে যে , বিনয়ৰ যিহেতু মানসিক অৱস্থা সুস্থিৰ নহয়, গতিকে তেঁওক চিকিৎসাৰ প্ৰয়োজন আৰু কাৰাগাৰ কৰ্তৃপক্ষই তেঁওক সেই সুবিধা প্ৰদান কৰা উচিত ৷ অভিযুক্ত বিনয় শৰ্মাই তেঁওৰ অধিবক্তাৰ জৰিয়তে তেঁওৰ মানসিক অৱস্থাৰ দোহাই দি তেঁওৰ ওপৰত থকা ফাঁচিৰ আদেশৰ পৰিবৰ্তে যাৱজ্জীৱন কাৰাদণ্ডলৈ লাঘৱ কৰিবলৈ আৱেদন জনাইছিল ৷

লগতে পঢ়কঃপুলবামাৰ প্ৰতিজন বীৰ জোৱানলৈ দেশবাসীৰ সশ্ৰদ্ধ প্ৰণাম..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.