ETV Bharat / bharat

ডিটেনশ্যন কেম্পত ভিৰ : কেন্দ্ৰ আৰু অসম চৰকাৰলৈ জাননী প্ৰেৰণ উচ্চতম ন্য়ায়ালয়ৰ

author img

By

Published : Apr 7, 2020, 7:35 PM IST

অসমৰ ডিটেনশ্যন কেম্পত ভিৰ সম্পৰ্কত কেন্দ্ৰীয় আৰু অসম চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ ৷ জনস্বাৰ্থজনিত আবেদন দাখিলৰ পাচতে সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া ৷

ডিটেনশ্যন কেম্পত ভিৰ
কেন্দ্ৰ আৰু অসম চৰকাৰলৈ জাননী প্ৰেৰণ উচ্চতম ন্য়ায়ালয়ৰ

নেশ্যনেল ডেস্ক, 7 এপ্ৰিল : মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে এক জাননী ৷ এন আৰ চিৰ ডিটেনশ্যন কেম্পসমূহত বাস কৰা লোকসমূহৰ ভিৰৰ সমস্যা সম্পৰ্কত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ (PIL) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই জাননী জাৰি কৰে সৰ্বোচ্চ ন্যায়ালয়ে ৷

উল্লেখ্য যে, তিনিবছৰৰো অধিক সময় ডিটেনশ্যন কেম্পত বাস কৰা লোকসকলক মুক্তি দিবৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক পূৰ্বেই নিৰ্দেশ প্ৰদান কৰিছিল ৷ যিহেতু এই লোকসকলৰ দেশান্তৰকৰণ অসম্ভৱ আৰু অতি অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোক বাস কৰি থকা বাবে লোকসকলক মুক্তি প্ৰদানৰ নিৰ্দেশ জাৰি কৰা হৈছিল ৷

এই সম্পৰ্কত পুনৰ অহা সোমবাৰে আলোচনা কৰাৰ লগতে ৰাজ্য চৰকাৰৰ পৰা জাননীৰ প্ৰতিক্ৰিয়া বিচাৰে উচ্চতম ন্যায়ালয়ে ৷

উল্লেখ্য যে, অসমৰ বিভিন্ন স্থানৰ জেলসমূহক ডিটেনশ্য়ন কেম্পলৈ পৰিৱৰ্তিত কৰি বহুসংখ্যক লোকক ৰখা হৈছে ৷ অসমত বৰ্তমান থকা এই ছটা ডিটেনশ্যন কেম্প হৈছে - গোৱালপাৰা, ডিব্ৰুগড়, যোৰহাট, শিলচৰ, কোকৰাঝাৰ আৰু তেজপুৰ ৷

জুলাই, 2018 চনত প্ৰকাশিত এন আৰ চিৰ খচৰা অনুসৰি প্ৰায় 4 মিলিয়ন আবেদনকাৰীৰ এন আৰ চিত নাম অন্তৰ্ভূক্ত হোৱা নাছিল ৷ আনহাতে, 2019 চনৰ 31 আগষ্টত প্ৰকাশিত হৈছিল এন আৰ চিৰ চূড়ান্ত তালিকা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.